নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিটিচিত অশান্তি সৃষ্টি কৰিছে শৰণীয়াই

নিয়মীয়া বার্তা, ২০ ফেব্রুৱাৰীঃ কোকৰাঝাৰৰ সাংসদ নৱ শৰণীয়াই নিজকে অবড়ো বুলি কৈ বিটিচিবাসীৰ মাজত বিভ্রান্তিৰ সৃষ্টি কৰি আহিছে৷ সাংসদ শৰণীয়াই এতিয়া বড়ো–বড়ো ৰাজনীতিৰে বিটিচিত অশান্তিৰ পৰিৱেশ সৃষ্টি কৰি আহিছে৷ সাংসদ শৰণীয়া এজন বড়ো সম্প্রদায়ৰ লোক৷ এই মন্তব্য বিটিচিৰ উপাধ্যক্ষ নেৰছন বড়োৰ৷ বুধবাৰে ডিমাকুছিৰ নিকটৱর্তী কাচেনিবস্তি গাঁৱত এখন সভাত বিটিচি নির্বাচনৰ ৰণডংকা বজাই তেওঁ এইদৰে মন্তব্য কৰে৷ তেওঁ লগতে কয়– বিটিচিবাসীয়ে এতিয়া এনডিএফবিক ভয় কৰিব নালাগে৷ কাৰণ এনডিএফবিৰ হাতত এতিয়া অস্ত্র নাই৷ এতিয়া ভয়–ভাবুকিৰ দিন উকলিল৷ সর্বাংগীণ উন্নয়নৰ বাবে পুনৰ বিপিএফ চৰকাৰ পুনৰ বিটিচিৰ গাদীত বহিব বুলি মন্তব্য কৰি কয় যে বিটিচিত বিপিএফৰ বাবে কোনো এটা দল ফেক্টৰ নহয়৷ নির্বাচনত বিজেপিৰ লগত মিত্রতা থাকিব৷ ভেৰগাঁও ব্লক বিপিএফ সংখ্যালঘু মর্চাৰ উদ্যোগত অনুষ্ঠিত নির্বাচনী প্রচাৰ সভাত সভাপতিত্ব কৰে জাকিৰ হুছেইনে আৰু সভা উদ্বোধন কৰে বিপিএফ কেন্দ্রীয় সমিতি মহিলা মঞ্চৰ সাংগঠনিক সম্পাদিকা তুলসা প্রধানে৷ সভাত বিপিএফ ভেৰগাঁও ব্লকৰ সম্পাদক অজয় সিং গোড়, বিপিএফ নেতা বিপুল বাৰচুং, ভেৰগাঁও ব্লক সংখ্যালঘু মর্চাৰ সভাপতি মহিব আলী, উপদেষ্টা আনোৱাৰ হুছেইন, ভক্ত প্রধান, কুলদীপ গুৰুং উপস্থিত থাকে৷ উল্লেখ্য যে ভেৰগাঁও বিটিচি সমষ্টিৰ প্রথমখন নির্বাচনী সভাত নাওবান্ধা, সোণাজুলি, বৰঙাজুলি, কাচেনিবস্তি অঞ্চলৰ অগণন লোকৰ সমাগম হয়৷ এইবাৰ ভেৰগাঁও সমষ্টিত পুনৰ বি পি এফ দলে নেৰছন বড়োক প্রার্থিত্ব দিয়াত অঞ্চলটোৰ বিপিএফ কর্মী উৎফুল্ল হোৱা দেখা গৈছে৷ সাংবাদিকৰ আগত বিপিএফ প্রার্থী তথা বিটিচিৰ উপাধ্যক্ষ নেৰছন বড়োৱে পুনৰ বিপিএফ দলে বিটিচি দখল কৰিব বুলি দাবী কৰাৰ লগতে ৪০খন আসনৰ ভিতৰত ৩২খন আসন বিপিএফ দলে লাভ কৰিব বুলি মত পোষণ কৰে৷ বুধবাৰে বিপিএফৰ প্রার্থী নেৰছন বড়োৰ ঘৰত অগণন লোকৰ সমাগম হোৱাৰ লগতে বিভিন্ন দল–সংগঠনে তেওঁক আদৰণি জনায়৷

You might also like