নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিটিচিত এইবাৰ কিংমেকাৰ হ’ব বিজেপি : ৰঞ্জিত দাস

বিজেপিত যোগদান এমচিএলএ গৌতম দাসৰ

নিয়মীয়া বার্তা, ১৭ মার্চঃ বি টি চি নির্বাচনক লৈ ৰাজনৈতিক দলসমূহৰ মাজত তৎপৰতা আৰম্ভ হৈছে ৷ অহা ১৮ মার্চত এই নির্বাচনৰ মনোনয়ন–পত্র দাখিলৰ অন্তিম দিন৷ হাগ্রামা মহিলাৰী নেতৃত্বাধীন বি পি এফ, প্রমোদ বড়ো নেতৃত্বাধীন ইউ পি পি এল, সাংসদ নৱ শৰণীয়াৰ গণ সুৰক্ষা পার্টী আৰু বিজেপি দলে বিটিচিৰ ক্ষমতা দখলৰ বাবে উঠিপৰি  লাগিছে ৷ ইয়াৰ মাজতে সোমবাৰে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসৰ দাবী– বিজেপি অবিহনে কোনো দলে পৰিষদ গঠন কৰিব নোৱাৰে ৷ বিজেপি দলৰ বৰপেটাৰোড মণ্ডল কার্যালয়ত অনুষ্ঠিত এখন সভাত তেওঁ কয় যে সমাগত বিটিচি নির্বাচনত বিজেপি দলে ১৫ ৰ পৰা ১৭খন আসন দখল কৰিব ৷ সেয়ে এইবাৰ বিটিচিত বিজেপি হ’ব কিংমেকাৰ ৷ বিজেপি দলে যাক সমর্থন দিব তেওঁলোকেই গঠন কৰিব পাৰিব পৰিষদ৷ অৱশ্যে কোন দলক বিজেপিয়ে সমর্থন দিব সেয়া এতিয়াও সিদ্ধান্ত লোৱা হোৱা নাই ৷

উল্লেখ্য যে মথনগুৰি সমষ্টিৰ বিপিএফৰ এম চি এল এ গৌতম দাসে বিজেপি দলত যোগদান কৰে ৷ তেওঁৰ লগতে মথনগুৰি সমষ্টিৰ অন্তর্গত কেইবাখনো আঞ্চলিকৰ বিষয়ববীয়াসহ পাঁচ শতাধিক বিপিএফ আৰু অন্যান্য দলৰ সদস্যই আনুষ্ঠানিকভাৱে বিজেপি দলত যোগদান কৰে ৷ ইপিনে, বিজেপি দলৰ নীতি–আদর্শ মানি দলটোত যোগদান কৰা বুলি উল্লেখ কৰি আগন্তুক নির্বাচনত বিজেপি দলে মথনগুৰি সমষ্টি দখল কৰিব বুলি দাবী কৰে৷ এই অনুষ্ঠানত বিজেপিৰ বৰপেটা জিলা সমিতিৰ সভাপতি শংকৰ চন্দ্র দাস, ৰাজ্যিক বিজেপিৰ যুৱ মর্চাৰ সভাপতি অনুপ বর্মনে এইবাৰ মথনগুৰি সমষ্টিত বিজেপি দলৰ জয় নিশ্চিত বুলি দাবী কৰে ৷

You might also like