নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিতর্কৰ পিছত ‘লভিতা’ মঞ্চস্থ নকৰাৰ সিদ্ধান্ত অভিনেত্রী প্রস্তুতিৰ

নিয়মীয়া বাৰ্তা, ১৫ অক্টোবৰ: ‘আমি সদায় বিশ্বাস কৰি আহিছোঁ যে ৰাইজৰ ঊর্ধ্বত কোনো নহয়৷ সেয়েহে সাংস্কৃতিক কর্মী হিচাপে ব্যক্তিবিশেষ, বিভিন্ন দল–সংগঠনে ‘লভিতা’ সম্পর্কে আগবঢ়োৱা মতামত অথবা বিতর্কৰ পিছত আৱাহন থিয়েটাৰে পৰৱর্তী সময়ছোৱাত ‘লভিতা’ নাটখন মঞ্চস্থ নকৰাৰ সিদ্ধান্ত গ্রহণ কৰিছোঁ৷ এই সুযোগতে কওঁ যে চিৰনমস্য শিল্পী জ্যোতিপ্রসাদ আগৰৱালাৰ অমৰ সৃষ্টি ‘লভিতা’ৰ অনুপ্রেৰণাৰে স্বাধীনতা সংগ্রামৰ সেই সময়খিনিক ভ্রাম্যমাণৰ মঞ্চত উপস্থাপনৰ প্রয়াস কৰিছিলোঁ৷ কিন্তু হূদয়ৰ শিল্পীগৰাকীৰ সৃষ্টিক বিকৃত কৰাৰ অভিপ্রায় আমাৰ কেতিয়াও নাছিল৷ সেয়েহে এনে অনাকাংক্ষিত বিতর্কৰ পিছত পৰৱর্তী সময়ছোৱাত আৱাহনৰ মঞ্চত ‘লভিতা’ নাটখন পুনৰ মঞ্চস্থ নকৰাৰ সিদ্ধান্ত গ্রহণ কৰিছোঁ৷’– বিগত কিছুদিন ধৰি ‘লভিতা’কেন্দ্রিক বিতর্ক ৰাজ্যত চর্চিত হোৱাৰ পিছত  সামাজিক মাধ্যম ফেচবুকযোগে এনে এক সিদ্ধান্তৰ কথা সদৰী কৰিলে ৰাজ্যৰ সাংস্কৃতিক জগতৰ অন্যতম জনপ্রিয় অভিনেত্রী প্রস্তুতি পৰাশৰে৷

 অৱশ্যে ইয়াৰ পূর্বে এই বিতর্কৰ অংশ হিচাপে প্রথিতযশা সাহিত্যিক য়েছে দৰজে ঠংচিয়েও ব্যক্তিগত প্রতিক্রিয়া প্রকাশ কৰে৷ য়েছে দৰজে ঠংচিয়ে  তেজপুৰত ৰূপকোঁৱৰৰ অমৰ সৃষ্টি ‘লভিতা’ আৱাহন থিয়েটাৰৰ মঞ্চত বিকৃত ৰূপত প্রদর্শন কৰা গর্হিত কার্যৰ বিৰুদ্ধে সৰৱ হৈ পৰে৷ উল্লেখ্য যে মঙলদৈ গ্রন্থমেলা উদ্বোধনী অনুষ্ঠানত অংশগ্রহণ কৰি আহি তেজপুৰৰ অৰুণাচল প্রদেশৰ অতিথিশালাত নিশা কটোৱা অসমীয়া সাহিত্যৰ প্রসিদ্ধ সাধক, পদ্মশ্রী আৰু সাহিত্য অকাডেমি বঁটা বিজয়ী য়েছে দৰজে ঠংচিয়ে তেজপুৰৰ সাংবাদিকৰ আগত এন চি চিৰ পঞ্চম অসম বেটেলিয়নৰ হৈ তেজপুৰক ৰাষ্ট্রীয় পর্যায়ত প্রতিনিধিত্ব কৰা সময়ৰ স্মৃতি সদৰী কৰি তেতিয়াহ তেজপুৰৰ হেম বৰুৱা স্মৃতি ভৱনত বিষুপ্রসাদ ৰাভাই প্রদান কৰা ভাষণত কেনেদৰে অভিভূত হৈ পৰিছিল, সেই সন্দর্ভত বহু পুৰণি স্মৃতি ৰোমন্থন কৰি নষ্টালজিক হৈ পৰে৷

উল্লেখ্য যে শেহতীয়াকৈ ৰাজ্যখনৰ সচেতন মহলে ৰূপকোঁৱৰৰ কালজয়ী সৃষ্টি ‘লভিতা’ বিকৃতকৰণ সন্দর্ভত কৰা প্রতিবাদক পূর্ণ সমর্থন জনাহ প্রসিদ্ধ সাহিত্যিক ঠংচিয়ে ক্ষোভেৰে কয়– হলীউডে ৰিমেক বা কাহিনী চুৰি কৰি ন–ৰূপ দিয়া পদ্ধতি সৃষ্টি কৰিছিল আৰু তাৰ প্রভাৱ ভাৰতৰ পেছাদাৰী নাট্যদল বা চিনেমাত পৰিছে৷ এওঁলোকৰ নিজস্ব একো নাহ৷ চুৰি কৰি নিজৰ নামত কৰি মাত্র জনপ্রিয়তা লৈছে৷ ৰাহজে নখ জোকাৰিলে নৈ বয়৷ অভিজিৎ ভট্টাচার্যই ৰাইজৰ মতামতক সন্মান জনোৱা নাই আৰু কিয় এহ ধৃষ্টতা বুজি পোৱা নাই বুলি ক্ষোভ প্রকাশ কৰে৷

You might also like