নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিধানসভাৰ পৰা বহিস্কাৰ হ’ল দুই কংগ্ৰেছী বিধায়ক

নিয়মীয়া বাৰ্তা, ৫ মাৰ্চঃ বিধানসভাৰ পৰা বহিস্কাৰ কৰা হ’ল দুই কংগ্ৰেছী বিধায়ক কমলাক্ষ’ দে’ পুৰকায়স্থ আৰু ৰূপজ্যোতি কুৰ্মীক। উদ্যোগমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে উত্তৰ দি থকা সময়তে বন্ধ হৈ থকা চাহ বাগিচা আৰু উদ্যোগ সন্দৰ্ভত সোধা প্ৰশ্নত তৰ্ক যুদ্ধত লিপ্ত হয় দুয়োজন বিধায়ক। এই তৰ্ক যুদ্ধই উত্তপ্ত পৰিস্থিতি সৃষ্টি কৰাত বিধানসভাৰ অধ্যক্ষই মাৰ্ছেল লগাই বিধানসভাৰ পৰা বহিস্কাৰ কৰে দুয়োজন বিধায়কক।

         আনহাতে দুই কংগ্ৰেছী বিধায়কে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ বিৰুদ্ধেও বিধানসভাৰ পবিত্ৰতা নষ্ট কৰাৰ অভিযোগ তোলে। এই সন্দৰ্ভত বিধায়ক কমলাক্ষ দে পুৰকায়স্থই কয় যে আজি আমাাক সভাৰ পৰা উলিয়াই দিছে, কিন্তু অসমৰ ৰাইজৰ বুকুৰ পৰা আমাক কেতিয়াও উলিয়াব নোৱাৰিব।  এই চৰকাৰে জনসাধাৰণক প্ৰতাৰণা কৰিলে, নিয়োগৰ ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা নোহোৱা কৰিলে। ৰাজ্যত এটাও চাকৰি নোহোৱা হ’ল। ইয়াৰ প্ৰত্যুত্তৰ অহা নিৰ্বাচনত ৰাইজে দিব। অসমৰ ৰাইজৰ বাবে যিকোনো কাম কৰিবলৈ আমি বদ্ধপৰিকৰ। 

You might also like