নিয়মীয়া বাৰ্তা, ২৭ জুনঃ ভয়াৱহভাৱে বৃদ্ধি পাইছে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ। বিপদসীমাৰ ওপৰৰে বৈছে পানী। মাজুলীলৈ যোৱা সকলো ফেৰী বন্ধ ঘোষণা প্ৰশাসনৰ।
জলপৃষ্ঠ বৃদ্ধি পোৱাৰ বাবেই এই সিদ্ধান্ত প্ৰশাসনৰ। যোৰহাটৰে সংযোগ বিচ্ছিন্ন হৈ পৰিছে মাজুলীৰ। কমলাবাৰীৰ ঘাট নিমাতীঘাটকে ধৰি বন্ধ হৈ পৰিছে ফেৰী চলাচল কৰা ঘাটসমূহ। মাজুলী আৰু নিমাতীঘাটৰ মাজত সকলো ফেৰীৰ চলাচল অনিৰ্দিষ্টকাললৈ বন্ধ ৰাখিছে। বিপদসীমাৰ প্ৰায় ১.৫ মিটাৰ ওপৰৰে বৈছে ব্ৰহ্মপুত্ৰ। স্বাভাৱিক পৰিস্থিতি ঘূৰি নহলৈকে কোনো ধৰণৰ ফেৰী চলাচল নকৰে বুলি জানিব দিয়ে জল পৰিবহন বিভাগৰ লোকে।