নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্বাস পাটিললৈ মামণি ৰয়ছম গোস্বামী ৰাষ্ট্ৰীয় সাহিত্য বঁটা

নিয়মীয়া বাৰ্তা, ২৯ নৱেম্বৰঃ অসম সাহিত্য সভাই ২০২০ বৰ্ষৰ ডঃ ইন্দিৰা গোস্বামী মামণি ৰয়ছম গোস্বামী ৰাষ্ট্ৰীয় বঁটা ঘোষণা কৰিছে । নুমলীগড় শোধনাগাৰৰ সহযোগত এই বঁটা প্ৰদান কৰা হ’ব বিশিষ্ট মাৰাঠী লেখক বিশ্বাস পাটিলক । বৃহস্পতিবাৰে এক সংবাদমেল যোগে এই কথা প্ৰকাশ কৰিছে সাহিত্য সভাৰ সভাপতি পৰমানন্দ ৰাজবংশীয়ে ।

এই বঁটাত আছে স্মাৰক, প্ৰশস্তি-পত্ৰ, গ্ৰন্থৰ টোপোলা, সম্বৰ্ধনা বস্ত্ৰ আৰু তিনিলাখ টকাৰ চেক । অসম সাহিত্য সভাই এই বঁটা ২ ফেব্ৰুৱাৰীত শুৱালকুছি অধিৱেশনত প্ৰদান কৰিব । উল্লেখ্য যে ইয়াৰ পূৰ্বে এই বঁটা বিশিষ্ট বাংলা সাহিত্যিক মহাশ্বেতা দেৱী, কন্নড় সাহিত্যিক এছ এল ভায়ৰাপ্পা আৰু ডঃ চন্দ্ৰশেখৰ কাম্বাড়ক প্ৰদান কৰা হৈছিল ।

You might also like