নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্বৰ ছয় হাজাৰ দৌৰবিদেৰে ১ মার্চত গুৱাহাটীত গ্রেট মাৰাথন–২০২০

সহযোগিতাৰ বাবে ৰিণিকি ভূঞা শর্মাক ধন্যবাদ আয়োজক আস্মাকাম ফাউণ্ডেচনঃ অর্জুন ভোগেশ্বৰ বৰুৱালৈ জীৱনজোৰা সাধনা বঁটা

নিয়মীয়া বাৰ্তা ২৮ ফেব্ৰুৱাৰীঃ দেশ–বিদেশৰ প্রায় ছয় হাজাৰ দৌৰবিদৰ অংশগ্রহণেৰে অহা ১ মার্চত অনুষ্ঠিত হ’ব দ্য গ্রেট গুৱাহাটী মাৰাথন–২০২০৷ পোনপ্রথমবাৰৰ বাবে গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া এই মাৰাথনত কেনিয়া, ইথি’পিয়া, মৰক্কো, ফ্রান্স আদি দেশৰ প্রায় ২০গৰাকী বিদেশী খেলুৱৈয়ে অংশগ্রহণ কৰিব৷ ৰাজ্যৰ আগশাৰীৰ সামাজিক অনুষ্ঠান আস্মাকাম ফাউণ্ডেচনৰ উদ্যোগত আৰু অসম এথলেটিক সন্থাৰ সহযোগত আন্তঃৰাষ্ট্রীয় পর্যায়ৰ খেলুৱৈৰ অংশগ্রহণেৰে অনুষ্ঠিত হ’বলগীয়া দ্য গ্রেট গুৱাহাটী মাৰাথনৰ ফ্লেগ অৱ কৰিব ব্রেণ্ড এম্বেছাডৰ মোহময়ী অভিনেত্রী য়ামী গৌতমে৷ বৃহস্পতিবাৰে গুৱাহাটীত অনুষ্ঠিত এখন সংবাদ মেলত এই কথা সদৰী কৰে আস্মাকাম ফাউণ্ডেচনৰ হৈ আৰক্ষী বিষয়া পার্থসাৰথি মহন্তই৷ সংবাদ মেলত তেওঁ কয় যে ১ মার্চৰ বিয়লি ৫.৩০ বজাত খানাপাৰা পশু চিকিৎসালয় মহাবিদ্যালয় খেলপথাৰৰ পৰা আৰম্ভ হ’ব লগা এই মাৰাথন প্রতিযোগিতা কেইবাটাও শাখাত অনুষ্ঠিত হ’ব৷ খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰৰ পৰা এবিচি পইণ্ট হৈ পুনৰ খেলপথাৰলৈ ঘূৰি যাব৷ উক্ত দিনা অর্জুন ভোগেশ্বৰ বৰুৱাক আস্মাকাম ফাউণ্ডেচনৰ জীৱনজোৰা সাধনা বঁটা প্রদান কৰা হ’ব৷ উক্ত অনুষ্ঠানত বাইচুং ভুটীয়া, য়ামী গৌতমকে ধৰি ৰাজ্যৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকিব৷ কেইবাটাও শাখাত অনুষ্ঠিত হ’বলগীয়া এই মাৰাথন প্রতিযোগিতাৰ মুঠ প্রাইজমানী ১৩.১ লাখ টকা৷ আজিৰ সংবাদ মেলত মাৰাথন প্রতিযোগিতাৰ ফ্লেগ, টি–ছার্ট, মেডেল, থীম ছং আৰু থীম ছঙৰ ভিডি’ আনুষ্ঠানিকভাৱে মুকলি কৰে উদ্যোক্তাসকলে৷ সংবাদ মেলত পার্থসাৰথি মহন্তই কয় যে উত্তৰ–পূব ভাৰতৰ একমাত্র নৈশ মাৰাথন প্রতিযোগিতা দ্য গ্রেট গুৱাহাটী মাৰাথন প্রতিবছৰে ফেব্রুৱাৰী মাহৰ শেষৰটো অথবা মার্চ মাহৰ প্রথমটো দেওবাৰত অনুষ্ঠিত কৰা হ’ব৷ শিল্পী ইবছনলাল বৰুৱাই প্রস্তুত কৰা এই মাৰাথন প্রতিযোগিতাৰ থীম ছঙত কণ্ঠদান কৰিছে জনপ্রিয় শিল্পী জয় বৰুৱা আৰু জুবলীয়ে৷ অসমৰ লগতে দেশৰ কেইবাখনো ৰাজ্যত দ্য গ্রেট গুৱাহাটী মাৰাথন প্রতিযোগিতাৰ প্রচাৰমূলক দৌৰত ৰাষ্ট্রীয় পর্যায়ৰ দৌৰবিদে অংশগ্রহণ কৰিছে৷ আন্তঃৰাষ্ট্রীয় পর্যায়ৰ খেলুৱৈৰ অংশগ্রহণেৰে অনুষ্ঠিত হ’বলগীয়া এই মাৰাথনত অংশগ্রহণ কৰা প্রতিযোগীসকলক প্রদান কৰিবলগীয়া মেডেলত প্রতীক হিচাপে কামাখ্যা মন্দিৰ আৰু ব্রহ্মপুত্রক অংকন কৰা হৈছে৷ সংবাদ মেলত থীম ছঙৰ ভিডি’ প্রস্তুত কৰাৰ ক্ষেত্রত সহযোগিতা আগবঢ়োৱাৰ বাবে প্রাইড ইষ্ট ইণ্টাৰটেইণ্টমেণ্ট প্রাইভেট লিমিটেডৰ অধ্যক্ষ ৰিণিকি ভূঞা শর্মাক উদ্যোক্তাসকলে ধন্যবাদ জ্ঞাপন কৰে৷ আজিৰ সংবাদ মেলত আস্মাকাম ফাউণ্ডেচনৰ দেৱজিৎ গোস্বামী, প্রকাশ গদুকা, ৰাজনীশ গোস্বামী, সত্যেন মহন্ত, ইবছনলাল বৰুৱাকে ধৰি বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷

You might also like