বিশ্ব স্বাস্থ্য সংস্থাৰে সম্পর্ক ছেদ আমেৰিকাৰঃ বন্ধ কৰিলে পুঁজি
নিয়মীয়া বার্তা, ৩১ মে’: ক’ৰোনা ভাইৰাছক লৈ বিশ্ব স্বাস্থ্য সংস্থা আৰু মার্কিন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পৰ মতবিৰোধে অৱশেষত চূড়ান্ত ৰূপ ল’লে৷ যোৱানিশা বিশ্ব স্বাস্থ্য সংস্থা আৰু চীনক কঠোৰ সমালোচনা কৰি ট্রাম্পে কয় যে আমেৰিকাই বিশ্ব স্বাস্থ্য সংস্থাৰ সৈতে সকলো সম্পর্ক ছেদ কৰাটো নিশ্চিত কৰিছে৷ বিশ্ব স্বাস্থ্য সংস্থাক দি অহা পুঁজি সম্পূর্ণৰূপে বন্ধ কৰা হ’ব বুলিও তেওঁ ঘোষণা কৰে৷ প্রকৃততে এমাহৰ পূর্বেই সংস্থাটোলৈ মার্কিন পুঁজি বন্ধ কৰা হৈছিল৷ সেই সময়ত ট্রাম্পে বিশ্ব স্বাস্থ্য সংস্থাক চীনৰ পুতলা বুলি অভিহিত কৰিছিল৷ কালি ট্রাম্পে কয় যে বিশ্ব স্বাস্থ্য সংস্থা এতিয়া সম্পূর্ণৰূপে চীনৰ নিয়ন্ত্রণত আছে৷
উল্লেখ্য যে আমেৰিকাৰ পৰাই ৰাষ্ট্রসংঘৰ অন্তর্গত অনুষ্ঠানটো সর্বাধিক পুঁজি লাভ কৰি আহিছে৷ ২০১৯ চনত আমেৰিকাই বিশ্ব স্বাস্থ্য সংস্থাক ৪০০ নিযুত ডলাৰৰো অধিক পুঁজি যোগান ধৰিছিল৷ ট্রাম্পৰ সমালোচনাৰ বিপৰীতে সংস্থাটোৰ সঞ্চালকপ্রধান টেড্রছ ঘ্রেব্রেয়েছুছে ক’ৰোনা মহমাৰীৰ বিৰুদ্ধে যুঁজ সন্দর্ভত তেওঁলোকে পর্যালোচনা কৰিব৷ সংস্থাটোৰ স্বতন্ত্রতাৰ সৈতে আপোচ কৰা নহ’ব বুলি তেওঁ তাৎপর্যপূর্ণ মন্তব্য কৰিছিল৷ ট্রাম্পে কয় যে বিশ্ব স্বাস্থ্য সংস্থাৰ সলনি বিশ্বৰ স্বাস্থ্যসেৱাৰে জড়িত আন স্বাস্থ্য সংস্থাক আমেৰিকাই পুঁজি যোগান ধৰিব৷
ইপিনে, ট্রাম্পৰ সিদ্ধান্তৰ পাছতে বিভিন্ন দেশে তীব্র প্রতিক্রিয়া প্রকাশ কৰিছে৷ ইউৰোপিয়ান ইউনিয়নে মার্কিন ৰাষ্ট্রপতিক তেওঁৰ সিদ্ধান্ত পুনৰ বিবেচনা কৰিবলৈ আহ্বান জনাই কয় যে এই সিদ্ধান্তই ক’ৰোনা মহামাৰীৰ বিৰুদ্ধে যুঁজত বিৰূপ প্রভাত পেলাব৷ ট্রাম্পৰ সিদ্ধান্ত হতাশাজনক বুলি অভিহিত কৰিছে জার্মানীয়ে৷ দেশখনৰ স্বাস্থ্যমন্ত্রী জেনছ স্পানে কয় যে বিশ্ব স্বাস্থ্য সংস্থাত সংস্কাৰৰ প্রয়োজন আছে যদিও আমেৰিকাই গ্রহণ কৰা চৰম সিদ্ধান্ত সমর্থনযোগ্য নহয়৷ বিশ্ব স্বাস্থ্য সংস্থাক পুঁজি যোগানৰ ক্ষেত্রত ইউৰোপিয়ান ইউনিয়নে অগ্রণী ভূমিকা ল’ব লাগে বুলি তেওঁ মত প্রকাশ কৰে৷ লক্ষণীয়ভাৱে ট্রাম্পৰ কঠোৰ সিদ্ধান্তৰ সময়তে ৩৭খন দেশৰ সহযোগত বিশ্ব স্বাস্থ্য সংস্থাই এক নতুন পদক্ষেপ লৈছে৷ ইয়াৰ জৰিয়তে ক’ৰোনা ভাইৰাছৰ ভেকচিন, ঔষধ, পৰীক্ষাৰ সঁজুলিৰ উমৈহতীয়া ব্যৱহাৰৰ ব্যৱস্থা কৰা হৈছে৷ যোৱা মার্চ মাহতে বিশ্ব স্বাস্থ্য সংস্থাই এই প্রস্তাৱ দিছিল৷