নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিষ্ণুতীৰ্থ শ্ৰীশ্ৰী অশ্বক্লান্ত দেৱালয়ৰ অশোকাষ্টমী পৰ্ব স্থগিত

নিয়মীয়া বাৰ্তা, ৩০ মাৰ্চঃ কামৰূপ জিলাৰ অন্তৰ্গত তীৰ্থনগৰী উত্তৰ গুৱাহাটীৰ ঐতিহ্যমণ্ডিত পুৰাণ প্ৰসিদ্ধ বিষ্ণুতীৰ্থ শ্ৰী শ্ৰী অশ্বক্লান্ত দেৱালয় । শ্রী শ্ৰী অশ্বক্লান্ত দেৱালয়ক অসমৰ গয়া তীৰ্থ হিচাপে জনা যায় । প্ৰতি বছৰে চ’ত মাহৰ শুক্লা অষ্টমী তিথিত অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ অগনন ভক্তৰ সমাগমেৰে অশোকাষ্টমী উদযাপন কৰা হয় । উক্তদিনা ভক্তসকলে পিতৃপুৰুষৰ উদ্ধাৰৰ কাৰণে অস্থি ক্ষেপন, পিণ্ডদান, তৰ্পন আদি কৰিবলৈ আহে ।

১ এপ্ৰিল বুধবাৰে অনুষ্ঠিত হ’বলগীয়া অশোকাষ্টমী পৰ্ব ভাৰত চৰকাৰে ২১ দিনীয়া লকডাউন ঘোষণা কৰাৰ পাচতেই স্থগিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় । অশ্বক্লান্ত দেৱালয় পৰিচালনা সমিতিৰ দলৈ লক্ষেশ্বৰ শৰ্মাই জানিবলৈ দিয়া অনুসৰি চৰকাৰ নিদেৰ্শৰ প্ৰতি সঁহাৰি জনাই এই অশোকাষ্টমী পৰ্ব স্থগিত ৰখা সিদ্ধান্ত লোৱা হৈছে। দেৱালয় পৰিচালনা সমিতিৰ সদস্যবৃন্দ, পুৰোহিত সমাজৰ তৰফৰ পৰা কৰ্মজনাৰ্দন আৰু অনন্তশায়ী নাৰায়ণৰ ওচৰত সমগ্ৰ বিশ্বৰ জনগণকে কালৰূপী ক’ৰোনা ভাইৰাছৰ পৰা পৰিত্ৰাণ কৰাৰ বাবে প্ৰাৰ্থনা জনাইছে ।

You might also like