বিহাৰত অসমৰ যুৱকক লাঠীৰে প্রহাৰ, জ্বলাই দিয়াৰ ভাবুকি
নিয়মীয়া বাৰ্তা, ২৬ মেঃ লকডাউনে সৃষ্টি কৰা জটিল পৰিস্থিতিৰ মাজতে অসম অভিমুখী ৰে’লযাত্রীৰ ওপৰত চলিল আক্রমণ৷ বিহাৰৰ দানাপুৰ ষ্টেচনত অসম অভিমুখী ৰে’লযাত্রীৰ ওপৰত চলা এনে আক্রমণত কেইবাজনো অসমীয়া যুৱক আঘাতপ্রাপ্ত হয়৷ উল্লেখ্য যে যোৱা ২৩ মে’ত দিল্লীৰ গুৰুগ্রামৰ পৰা গুৱাহাটী হৈ আগৰতলালৈ যাত্রা কৰা বিশেষ শ্রমিক এক্সপ্রেছ ৰে’লগাড়ীখনৰ ওপৰত কালি বিহাৰৰ দানাপুৰ ষ্টেচনত স্থানীয় একাংশ যাত্রীয়ে আক্রমণ কৰি এক ভয়ানক পৰিৱেশ সৃষ্টি কৰে৷
মধ্য–পূব ৰে’লৱেৰ মুখ্য সমন্বয়ৰক্ষী বিষয়া ৰাজেশ কুমাৰে প্রকাশ কৰা অনুসৰি ২৪ মে’ৰ দুপৰীয়া দানাপুৰ আহি পোৱাৰ পাছতে ষ্টেচনটোত থকা একাংশ যাত্রী ৰে’লখনত উঠাৰ বাবে চেষ্টা চলায়৷ এনে অৱস্থাত বিশেষ ৰে’লখনৰ যাত্রীসকলে এইসকল লোকক উঠাত বাধা দিয়াত ৰে’লযাত্রীৰ ওপৰত আক্রমণ আৰম্ভ হয়৷ তথ্য অনুসৰি দিল্লীৰ পৰা অহা বিশেষ শ্রমিক ৰে’লখনত পানী আৰু খোৱাবস্তুৰ কোনো ব্যৱস্থা নথকা হেতু যথেষ্ট কষ্টৰ মাজেৰে অহা ৰে’লযাত্রীসকলক পানী যোগানৰ বাবে ৰে’লখন দানাপুৰত ৰোৱাৰ সময়তে ষ্টেচনটোত থকা যাত্রীসকলে ৰে’লখনত উঠাৰ বাবে দবাসমূহৰ দুৱাৰ আৰু খিৰিকী লাঠীৰে কোবাই ভাঙিবলৈ চেষ্টা কৰে৷
আনকি কেইবাটাও দবাৰ খোলা খিৰিকীৰে লাঠী সুমুৱাই ৰে’লযাত্রীসকলক প্রহাৰ কৰাৰ লগতে দবাৰ দুৱাৰসমূহ খুলি দিয়াৰ বাবেও ধমকি দিয়ে৷ এনে অৱস্থাত একাংশ ৰে’লযাত্রীয়ে দবাৰ ভিতৰৰ পৰাই ষ্টেচনটোত উপস্থিত থকা আৰক্ষীক পৰিস্থিতি নিয়ন্ত্রণৰ বাবে আহ্বান জনায় যদিও আৰক্ষীয়ে অসম অভিমুখী ৰে’লযাত্রীসকলৰ ওপৰতহে খর্গহস্ত হৈ পৰে৷ অৱশ্যে পাছত ৰে’ল আৰক্ষীৰ সহযোগত পৰিস্থিতি নিয়ন্ত্রণ কৰি ৰে’লখন ষ্টেচনটোৰ পৰা যাবলৈ দিয়া হয়৷ ইফালে, উত্তৰ–পূব সীমান্ত ৰে’লৱেৰ জনসম্পর্কৰক্ষী বিষয়া নৃপেন ভট্টাচার্যই ঘটনা সন্দর্ভত প্রকাশ কৰা মতে, দানাপুৰ ষ্টেচনত ৰে’লখনে পানী ল’বৰ বাবে ৰখাৰ সময়তে একাংশ যাত্রীয়ে দবাৰ পৰা নামি অহাৰ সময়তে ষ্টেচনটোত থকা কিছু লোকে জোৰ–জুলুমকৈ দবাত উঠিবলৈ চেষ্টা চলায়৷
এইসকল লোকক বাধা দিয়াৰ সময়তে পৰিস্থিতি উত্তেজনাময় হৈ পৰে৷ বিশেষ শ্রমিক এক্সপ্রেছখনত অহা যাত্রীসকলে অভিযোগ কৰা মতে, দিল্লীৰ পৰা অহা ৰে’লখনত পানী আৰু খাদ্যৰ যোগান নথকাত যাত্রীসকলৰ মাজত হাহাকাৰ পৰিস্থিতি সৃষ্টি হয়৷ ৰে’লখন দানাপুৰ ষ্টেচন আহি পোৱাৰ পাছতে একাংশ যাত্রীয়ে খাদ্য বিচাৰি ষ্টেচনটোত নমাৰ সময়তে তাত থকা একাংশ লোকে যাত্রীসকলক আক্রমণ কৰাৰ লগতে ৰে’লখনত উঠাৰ বাবেও চেষ্টা চলায়৷
মন কৰিবলগীয়া যে বিশেষ শ্রমিক ৰে’লযোগে ইতিমধ্যে বিভিন্ন ৰাজ্যৰ পৰা অসমলৈ যাত্রা আৰম্ভ কৰিছে বহু লোকে৷ এনে ঘটনাৰ মাজতে মধ্যপ্রদেশৰ পৰা অসম আৰু নাগালেণ্ড অভিমুখে অহা এখন বাছৰ ওপৰতো বিহাৰত আক্রমণ চলোৱা বুলি জানিব পৰা গৈছে৷ বাছখনত অহা একাংশ শ্রমিকে প্রকাশ কৰা তথ্য অনুসৰি পথত আহাৰ গ্রহণৰ বাবে ধাবাৰ সন্মুখত ৰখাৰ সময়তে বাছখনত থকা নগা লোকসকলক লক্ষ্য কৰি বিহাৰৰ কিছু লোকে ক’ৰোনা ভাইৰাছ বিয়পোৱাৰ অভিযোগ তুলি আক্রমণ চলায়৷ নাগালেণ্ডৰ যুৱকসকলক চীনা লোক বুলি আঙুলিয়াই ‘তহঁতে ক’ৰোনা ভাইৰাছ বিয়পাইছা’ বুলি মাৰধৰো কৰে৷ তেনে পৰিস্থিতিৰ মাজেৰে বাছখনে যাত্রীসকলক লৈ অসম অভিমুখে যাত্রা অব্যাহত ৰাখিছে৷