নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিহু পালন নকৰিবলৈ আহ্বান আলফা স্বাধীনৰঃ নহয় ৭ এপ্ৰিলৰ প্ৰতিষ্ঠা দিৱস

নিয়মীয়া বাৰ্তা, ৫ এপ্ৰিলঃ ক’ৰোনা ভাইৰাছৰ আতংকই লগ নেৰা অসমৰ জনতালৈ আলফা স্বাধীনে জনালে বহুকেইটা আহ্বান । আলফাৰ প্ৰচাৰ বিভাগৰ হৈ ৰূপক অসমে এক ভিডিঅ’ৰ জৰিয়তে সকলোকে এইবাৰৰ বিহু অনুষ্ঠিত নকৰিবলৈ আহ্বান জনালে । অসমীয়াৰ বাপতি সাহোন বিহুলৈ মাজত মাত্ৰ কেইটামান দিন থকাৰ সময়ত ক’ৰোনা কালৰূপে এতিয়া ব্যাঘাত জন্মাইছে বিহুত । ক’ৰোনাৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰৰ বিহু অনুষ্ঠিত নকৰি সামাজিক দূৰত্ব বৰ্তাই ৰাখিবলৈ অসমবাসীক আহ্বান জনালে আলফা স্বাধীনে ।

ইফালে, আগন্তুক ৭ এপ্ৰিলত আলফাৰ ৪১ সংখ্যক প্ৰতিষ্ঠা দিৱসো ক’ৰোনাৰ প্ৰতি লক্ষ্য ৰাখি অনুষ্ঠিত নকৰাৰ কথা উল্লেখ কৰে ৰূপক অসমে । পুৱা সাত বজাত সকলো লোককে এক মিনিট সময় মৌন প্ৰাৰ্থনা কৰি অমৰ মৃতক সকললৈ শ্ৰদ্ধা নিবেদন কৰিবলৈও অনুৰোধ জনালে সংযুক্ত মুক্তি বাহিনী অসম স্বাধীনে ।

উল্লেখ্য যে, সকলো ভালে থাকিলে অহা বৰ্ষলৈ প্ৰতিজন অসমীয়াক জাক-জমকতাৰ মাজেৰে বিহু পালন কৰিবলৈও ক’লে ৰূপকে অসমে । অৱশ্যে এইবাৰ কোনো ধৰণৰ বিহুৰ অনুষ্ঠানৰ লগতে আনুষ্ঠানিকতা পালন নকৰিবলৈ কয় আলফা স্বাধীনে । স্বাস্থ্য আৰু শৰীৰ ভালে থাকিলে সকলো পাব বুলি উল্লেখ কৰি সামাজিক দূৰত্ব আৰু সাৱধানতা বৰ্তাই ৰাখিবলৈ অনুৰোধ কৰে প্ৰচাৰ বিভাগৰ হৈ ৰূপক অসমে ।

You might also like