নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিয়াৰ দিনাই ক’ৰোনাই লগালে কেণাঃ পিঠিত পৰিল ঔকিল

নিয়মীয়া বাৰ্তা, ২৬ মাৰ্চঃ দেশত লকডাউন ঘোষণাৰ সময়তে পৰিছিল বিয়াৰ দিন । লকডাউনৰ সময়ত প্ৰায়সংখ্যক বিয়া,সবাহ, জন্মদিন পিছুৱাই দিছিল গৰাকীয়ে । অৱশ্যে গোলাঘাটৰ এইটো পৰিয়ালে পিছুৱাই দিয়াৰ কোনো সিদ্ধান্ত নল’লে । সেই অনুসৰিয়েই আৰম্ভ হ’ল বিয়া । ৰভাতলী এক উদুলি-মুদুলি পৰিৱেশ, আয়তীৰ মঙ্গল ধ্বনি আনফালে আকৌ ভোজ ৰন্ধাত ব্যস্ত একাংশ ।

হঠাতে নিতাল মাৰিল ৰভাতলী । এফালৰ পৰা পলাই পত্ৰং দিছে সকলো । কোনোৱে আকৌ ৰান্ধনিশাল এৰি মাৰিলে লৰ । এফালৰ পৰা পিঠিত পৰিছে ঔকিল । কোনোজন যদি বাচি গৈছে আন কাৰোবাক ঘৰৰ ভিতৰৰ পৰা উলিয়াই আনিছে আৰক্ষী আৰু প্ৰশাসনৰ লোকে । এইয়া হৈছে লকডাউন ভংগ কৰাৰ পৰিণাম ।

মেৰাপানীৰ লক্ষীবাৰী গাঁৱৰ মাধৱ দাসৰ ঘৰত বিবাহ অনুষ্ঠান চলি থকাৰ মাজতে এইদৰে দণ্ডাধীশ সহ আৰক্ষীৰ লোক উপস্থিত হৈ লাঠীচাৰ্জ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হয় । বিশ্বত ক’ৰোনাৰ ভয়াৱহ ৰূপে ত্ৰস্তমান কৰাৰ সময়তে এইসকল লোকৰ যেন কোনো ভ্ৰূক্ষেপ নাই মহামাৰীৰ প্ৰতি । সামাজিক দূৰত্ব বৰ্তাই ৰাখিবলৈ কোৱাৰ সময়তো কোনোধৰণৰ সজাগতা অৱলম্বন নকৰা মাধৱ দাসৰ কন্যাৰ বিয়াত এনেদৰেই লাগিল কেণা ।

You might also like