নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৃহত্তৰ পাণ্ডু – মালিগাঁও অঞ্চলত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ তিনিদিনীয়াকৈ জন্মদিন উদযাপন কাৰ্যসূচী আৰম্ভ

নিয়মীয়া বার্তা, ৩০ জানুৱাৰী: জালুকবাৰী সমষ্টিৰ পৰা ২০০১ চনৰ পৰা একেৰাহে পঞ্চমবাৰৰ বাবে বিধায়ক নিৰ্বাচিত হৈ অভিলেখ সৃষ্টি কৰা আৰু ২০২১ চনত প্ৰথমবাৰৰ বাবে অসমৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব বহন কৰা ডঃ হিমন্ত বিশ্ব শৰ্মাই অহা ১ ফেব্ৰুৱাৰীত ৫৩ বর্ষত ভৰি দিব যদিও বৃহত্তৰ মালিগাঁও – পাণ্ডু অঞ্চলত ৰাইজে আজিৰে পৰা তিনিদিনীয়াকৈ জন্মদিনৰ কাৰ্যসূচী উদযাপন কৰিছে । অৱশ্যে কভিডৰ বাবে সীমিত পৰিসৰত উদযাপন কৰা জন্মদিনৰ লগত সংগতি ৰাখি
জালুকবাৰী সমষ্টিৰ পাণ্ডু , মালিগাঁও আৰু আদাবাৰী অঞ্চলত আজি স্বেচ্ছা ৰক্তদান শিবিৰ , ছাত্ৰ ছাত্ৰীৰ মাজত চিত্ৰাংকণ প্ৰতিযোগিতা আৰু বৃক্ষৰোপন কাৰ্যসূচী অনুষ্ঠিত কৰা হয় । তেনেদৰে জন্মদিন উপলক্ষে মাইকত বিভিন্ন ধৰ্মমুলক গীত আৰু সন্ধিয়া লাইট লগাই পোহৰৰ ব‍্যৱস্থা কৰা হৈছে । আনকি ডঃ হিমন্ত বিশ্ব শৰ্মাৰ মংগল , সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা পহিলা ফেব্ৰুৱাৰীত হোমযজ্ঞ অনুষ্ঠিত কৰা হব বুলি দ্বিজেন লহকৰে জানিবলৈ দিছে ।
ইফালে ২০০৩ চনৰ পৰা পালন কৰি অহা ঐতিহাসিক পাণ্ডুনাথ দেৱালয়ত এইবেলিও পহিলা ফেব্ৰুৱাৰীত সন্ধিয়া ৫ বজাত ডঃ হিমন্ত বিশ্ব শৰ্মাৰ মংগল কামনা কৰি সমূহীয়াভাবে বন্তি প্ৰজ্বলন কৰা হব বুলি ডঃ হিমন্ত বিশ্ব শৰ্মা জন্মদিন উদযাপন কমিটিৰ সাধাৰণ সম্পাদক নিমাই চন্দ্ৰ দাসে জানিবলৈ দিছে । আজি জন্মদিন উপলক্ষে দেৱালয় প্ৰাংগণত অঞ্চলটোৰ ছাত্ৰ – ছাত্ৰীৰ মাজত চিত্ৰাংকণ প্ৰতিযোগিতা অনুষ্ঠিত হৈ যায় । প্ৰতিযোগিতাৰ বিজয়ী সকলক পহিলা ফেব্ৰুৱাৰীত বিয়লি ৩ বজাত বঁটা প্ৰদান কৰা হব । আনহাতে জন্মদিনৰ কাৰ্যসূচী সুচাৰুভাৱে উদযাপন কৰিবলৈ ৰিণিকী ভূঞা শৰ্মাক সভাপতি , ভূপতি শৰ্মাক কাৰ্যকৰী সভাপতি আৰু ৰাজু বিশ্বাসক কোষাধ্যক্ষ , নিমাই চন্দ্ৰ দাসক সাধাৰণ সম্পাদক হিচাপে লৈ এখন কাৰ্যকৰী কমিটি গঠন কৰা হৈছে ।

You might also like