নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বেজেৰাত দৰিদ্ৰ পৰিয়ালক খাদ্য সামগ্রী বিতৰণ

নিয়মীয়া বাৰ্তা, ৩০ মাৰ্চঃ সমগ্র বিশ্বতে ক’ৰোনা ভাইৰাছৰ সংহাৰী ৰূপত আতংকিত জনতা। সমগ্র ৰাজ্য লক ডাউনৰ সময়ছোৱাত একাংশ দৰিদ্ৰ শ্ৰেণীৰ ৰাইজৰ মাজত আজি প্ৰথম পৰ্যায়ত কামৰূপ জিলাৰ জালুকবাৰী সমষ্টিৰ বেজেৰা পঞ্চায়তৰ অন্তৰ্গত কিছু গাঁৱত ভাৰতীয় জনতা পার্টিৰ গুৱাহাটী মহানগৰ জিলা সমিতিয়ে খাদ্য সামগ্রী বিতৰণ কৰে ।

লক ডাউনৰ সময়ছোৱাত যাতে দৰিদ্ৰ পৰিয়ালসমূহে খাদ্যৰ অভাৱত ভুগিবলগীয়া নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতীয় জনতা পার্টিৰ মহানগৰ সমিতিৰ সম্পাদক ৰমণী মোহন ডেকা, বিশিষ্ট সমাজসেৱক তথা গাঁও প্ৰধান দণ্ডধৰ ভূঞা, যুৱ সমাজকৰ্মী মানৱ ডেকাৰ নেতৃত্বত আজি বেজেৰা, শালমাৰা প্ৰতি চুবুৰীৰ দৰিদ্ৰ পৰিয়াল ঘৰে ঘৰে গৈ সাহায্য হিচাপে দাইল, আটা, মিঠাতেল,নিমখ, চয়াবিন, আলু আদি পেকেটিং কৰি পৰিয়ালৰ হাতত তুলি দিয়া হয় । লগতে প্ৰতিজনক ক’ৰোনা ভাইৰাছৰ বিৰুদ্ধে সজাগ হ’বলৈ আহ্বান জনায় ।

প্ৰায় ডেৰ শতাধিক জনবসতিপূৰ্ণ বৃহত্তৰ অঞ্চলটোৰ দৰিদ্ৰৰ ঘৰত খাদ্য বিতৰণ কাৰ্যসূচীত সহযোগ কৰে বেজেৰা বৰবংশৰ সমবায় সমিতিৰ সভাপতি ৰমণী মোহন ডেকা, বেজেৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জেষ্ঠ শিক্ষক দেবেন্দ্র নাথ ডেকা, পঞ্চায়ত প্ৰতিনিধি জ্যোতি কুমাৰ, খণ্ড উন্নয়ন বিষয়া অপূর্ব বৰুৱা, সমাজকৰ্মী বনজিৎ ডেকা, মানবেন্দ্র ডেকা লগতে ব্যৱসায়ী গৌতম ভূঞা, বৈকুণ্ঠ ডেকাই ।

আনহাতে বেজেৰা বিজেপি মণ্ডলৰ সভাপতি দিলীপ ডেকাই আৰু বেজেৰা বুথৰ সভাপতি সকলে শতাধিক পৰিয়ালৰ মাজত বিতৰণ কৰে চাউল দাইল চয়াবিন, মিঠাতেল আদিকে ধৰি অত্যাৱশ্যকীয় সামগ্রী ।

You might also like