বেজেৰাত পৰম্পৰাগত পাৰ বাঁহ উত্তোলন
নিয়মীয়া বাৰ্তা ১৩ এপ্ৰিলঃ কামৰূপ জিলাৰ বেজেৰাত পৰম্পৰাগত ভাৱে পালন কৰি অহা চ’ত আৰু ব’হাগ মাহৰ সংক্ৰান্তিৰ দিনা বেজেৰাত পাৰ বাঁহ উত্তোলন কৰা এটি ব্যাতিক্রমী উৎসৱ। ঠিক এইদৰে এইবেলিও ক’ৰোনা ভাইৰাছৰ প্ৰতি চৰকাৰে জনোৱা নিৰ্দেশক সঁহাৰি জনায় বেজেৰা গাঁৱৰ নগৰ চুবুৰী আৰু ৰাজখোৱা পাৰা চুবুৰীয়ে আজি আবেলি ৪ বজাত চুবুৰী দুটাৰ সীমিত ব্যক্তি দ্বাৰা তথা সামাজিক ব্যাৱধান ৰাখি শোভাযাত্রা কৰি বেজেৰাৰ সস্তাৰৰ বাসুদেব সত্ৰলৈ দুই ডাল পাৰ বাঁহ লৈ যায় আৰু সকলোৰে মঙ্গলৰ্থে দৌলত প্ৰাৰ্থনা জনায় । বিগত বছৰৰ দৰে এইবেলি অৰ্জুন গছত থিয় নকৰাকৈ লৈ অহা হয়।পৰম্পৰাগত ভাৱে চলি অহা এই পাৰ বাঁহ উৎসৱৰ তাৎপর্য যে অতীজৰে পৰা চ’ত আৰু ব’হাগৰ সংক্রান্তি দিনা বেজেৰা গাঁৱৰ নগৰ চুবুৰী আৰু ৰাজখোৱা পাৰা চুবুৰীয়ে দুডালকৈ পাৰ বাঁহ বান্ধি বেজেৰাৰ পোৰা সস্তাৰ দৌলত স্থাপন কৰি ৰাইজৰ মংগলৰ কাৰণে প্ৰাৰ্থনা জনোৱা হয়। যদি পাৰ বাঁহ অৰ্জুন গছত স্থাপন কৰাত ক্ষয় ক্ষতি হয় তেতিয়া গাঁওখনৰ ৰাইজক নানা অপায় অমংগল দেখা দিয়ে বুলি এটা বিশ্বাস।