নিয়মীয়া বাৰ্তা, ১১ এপ্ৰিলঃ বৃহত্তৰ পূব কামৰূপ অঞ্চলৰ শৈক্ষিক সাহিত্য স্বেচ্ছাসেৱী সংগঠন প্ৰত্যুষ পৰিয়ালে আজি দুই শতাধিক দৰিদ্ৰৰ কাষলৈ ওলাই আহে । ক’ৰোণা ভাইৰাছে সংহাৰী ৰূপ ধাৰণ কৰাৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী গৰাকীয়ে জনোৱা আহ্বানক সঁহাৰি জনাইছে দেশৰ জনগণে । লকডাউনৰ সময়ত দৰিদ্ৰ পৰিয়ালসকলৰ কথা চিন্তা কৰি বিভিন্ন জনে নিজাববীয়াকৈ হ’লেও কিছু কিছু সহায় কৰিছে পৰিয়ালবোৰক। আজি বেজেৰাৰ স্বেচ্ছাসেবী সংগঠন প্ৰত্যুষৰ সভাপতি সম্পাদকৰ লগতে সকলো সদস্য ওলাই আহি বেজেৰা, শালমাৰা, খেহেনীপাৰা, ৰাজখোৱাপাৰা, ভোমোলাহাটী আদি অঞ্চলৰ দৰিদ্ৰ কাষলৈ গৈ চাউল, দালি, আলু, পিঁয়াজ, কণী, মিঠাতেল আদি যোগান ধৰে। লগতে ক’ৰোণাৰ সজাগতাৰ বিষয়ে সকলোকে বুজায় দিয়ে লগতে যি সমস্যা থাকে স্বেচ্ছাসেৱী সংগঠনটোক জনাবলৈ আহ্বান জনায় । আজি অত্যাৱশ্যকীয় সামগ্রী সমূহ প্ৰথমে বেজেৰাস্থিত প্ৰত্যুষৰ কাৰ্যালয়ত ১০টা পৰিয়ালক দি আৰম্ভণি কৰে সংগঠনটোৰ সভাপতি ৰমণী মোহন ডেকাই । ইয়াত উপস্থিত থাকে সংগঠনটোৰ জেষ্ঠ্য ব্যক্তি ড০ খৰ্গেশ্বৰ ডেকা,বলোৰাম বৰুৱা,কুশল ডেকা ৰবীন শৰ্মা,মুনীন্দ্ৰ নাৰায়ণ ডেকা, পবন ডেকা, ধনেশ্বৰ ডেকা আৰু প্ৰত্যুষৰ সম্পাদক প্ৰবিন শৰ্মা । ইয়াৰ পিছত সদস্য সকলে নিজা গাড়ীৰে ঘৰে ঘৰে দুই শতাধিক পৰিয়ালক দিয়াৰ ব্যৱস্থা কৰে ।