নিয়মীয়া বাৰ্তা, ৩১ মাৰ্চঃ বিশ্বৰ লগতে সমগ্র ভাৰতবৰ্ষতো মহামাৰী ক’ৰোনা ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে দেশত ২১ দিনীয়া লক ডাউনৰ ঘোষণা । স্তব্ধ হৈ পৰিছে সাধাৰণ জনজীৱন । তেনে সময়তে অতিকৈ দৰিদ্ৰ পৰিয়ালৰ লগতে দিন হাজিৰা কৰা অধিকাংশ পৰিয়াললৈ আহি পৰিছে ঘোৰ অমানিশা । বন্ধৰ সময়ছোৱাত পৰিয়ালকেইটি যাতে লঘোণে থাকিব লগা নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি মঙলবাৰে দ্বিতীয় দিনা জালুকবাৰী সমষ্টিৰ বেজেৰা উন্নয়ন খণ্ডৰ অন্তৰ্গত প্ৰতিখন গাঁৱলৈ ওলাই আহিছে যুৱক সকল ।
যুৱক সকলে আনৰ পৰা চান্দা নোলোৱাকৈ নিজৰ পৰা যি পাৰি টকা যোগাৰ কৰি একাংশ দৰিদ্ৰ পৰিয়াল, হাজিৰা কৰি খোৱা লোক, প্ৰতিবন্ধী সকলক পেকেটিং কৰি খাদ্য সামগ্রী বিতৰণ কৰা ব্যৱস্থা অব্যাহত ৰাখিছে লগতে সাংবাদিক সকলেও সহযোগ কৰা দেখা গৈছে । শিশু সকলকো দিছে খাদ্য সামগ্রী । উন্নয়ন খণ্ডৰ অন্তৰ্গত চাংসাৰি, ধোপাতাৰি, বাইহাটা চাৰিআলি, আগডলা , বৰপলহা আদি অঞ্চললৈ গৈ যুৱক সকলে দিছে সামগ্রী সমূহ। সামগ্রী সমূহ বিতৰণৰ সময়ত ন্যূনতম দুৰত্ব বৰ্তাই ৰখা হয় ।