নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ব্যক্তিগতখণ্ডৰ বিদ্যালয়ে মাৰ্চ মাহৰ ৫০% মাছুলহে ল’ব পাৰিবঃ হিমন্ত বিশ্ব শৰ্মা

নিয়মীয়া বাৰ্তা, ২২ এপ্ৰিলঃ ৰাজ্যৰ শিক্ষাবিভাগক লৈ শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ ঘোষণা। ব্যক্তিগতখণ্ডৰ সকলো শিক্ষানুষ্ঠানে মাৰ্চ মাহৰ  ৫০ শতাংশহে মাছুল ল’ব পাৰিব। কোনো বিদ্যালয়ে যদি মাৰ্চ মাহৰ মাছুল সংগ্ৰহ কৰিছে তেতিয়াহ’লে এই মাছুল এপ্ৰিল মাহৰ লগত মিলাব লাগিব।

কোনো বিদ্যালয়ে চৰকাৰৰ অনুমতি নোহোৱাকৈ বঢ়াব নোৱাৰিব মাছুল। যদিহে এই নিয়ম মনা নহয় তেন্তে এই বিদ্যালয়সমূহৰ প্ৰতি লোৱা হ’ব কঠোৰ ব্যৱস্থা। বৰ্তমান চৰকাৰে মাছুল বঢ়োৱাৰো পক্ষপাতি নহয় বুলিও মন্তব্য কৰে শিক্ষামন্ত্ৰী গৰাকীয়ে। তেওঁ লগতে কয় যে ব্যক্তিখণ্ডৰ বিদ্যালয়ে কাটিব নোৱাৰিব শিক্ষকৰ দৰমহা। প্ৰাপ্য দৰমহা শিক্ষকসকলক দিবলৈ আহ্বান।

You might also like