নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ব্ৰহ্মপুত্ৰৰ দুয়োপাৰে নহয় এক্সপ্ৰেছ ৱে’

লোকসভাত কেন্দ্ৰীয় পথ পৰিবহন মন্ত্ৰীৰ ঘোষণা

নিয়মীয়া বাৰ্তা, ১৩ মার্চঃ ব্ৰহ্মপুত্ৰৰ দুয়োপাৰে কোনো এক্সপ্ৰেছ ৱে’ নিৰ্মাণৰ পৰিকল্পনা নাই চৰকাৰৰ। লোকসভাত আজি স্পষ্টভাৱে এই কথা প্ৰকাশ কৰে কেন্দ্রীয় পথ পৰিবহণ মন্ত্রী নীতিন গাডকাৰিয়ে৷ উল্লেখ্য যে ব্রহ্মপুত্র খনন কৰি নদীগর্ভৰ পৰা আহৰণ কৰা মাটিৰে মহাবাহুৰ দুয়ো পাৰে ব্রহ্মপুত্র এক্সপ্রেছ ৱে’ নির্মাণ কৰাৰ ঘোষণা কৰিছিল ৰাজ্য চৰকাৰে৷ কথা আছিল কেন্দ্রীয় চৰকাৰেই এই অভিলাষী আঁচনি ৰূপায়ণ কৰিব৷ সমগ্র আঁচনিৰ বাবে ৪০,০০০ কোটি টকা ব্যয় কৰা হ’ব বুলি ৰাজ্যৰ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে ঘোষণা কৰিছিল৷ প্রাৰম্ভিকভাৱে প্রকল্প ৰূপায়ণৰ বাবে ৰাজ্য চৰকাৰে নিবিদাও জাৰি কৰিছিল৷ কিন্তু লোকসভাৰ মজিয়াত গাডকাৰিয়ে স্পষ্ট কৰি দিয়ে যে বাস্তৱত ব্রহ্মপুত্র এক্সপ্রেছ ৱে’ৰ বাবে ৰাজ্য চৰকাৰে কাহানিও কেন্দ্রীয় চৰকাৰৰ ওচৰত কোনো প্রস্তাৱেই প্রদান কৰা নাই৷ সদনৰ প্রশ্নোত্তৰ কালত সাংসদ আব্দুল খালেকে ব্রহ্মপুত্র এক্সপ্রেছ ৱে’ৰ বিষয়টো অৱতাৰণা কৰিছিল৷ গাডকাৰিৰ পৰা জানিব বিচাৰিছিল ব্রহ্মপুত্র এক্সপ্রেছ ৱে’ৰ বাবে অসম চৰকাৰৰ পৰা কেন্দ্রীয় চৰকাৰে কোনো প্রস্তাৱ লাভ কৰিছে নে নাই৷ যদিহে প্রস্তাৱ লাভ কৰিছে তেনেহ’লে প্রকল্পটো কোন পর্যায়ত আছে? পিছে খালেকৰ এই প্রশ্নৰ উত্তৰত মন্ত্রী গাডকাৰিয়ে এটা শব্দৰ যোগেদি স্পষ্ট কৰি দিয়ে যে এক্সপ্রেছ ৱে’টোৰ বাবে ৰাজ্য চৰকাৰে আজি কোপতি কোনো প্রস্তাৱ প্রেৰণ কৰা নাই৷ পিছে ব্রহ্মপুত্র এক্সপ্রেছ ৱে’ বাদ দি কেন্দ্রই অসমত কিমান ৰাস্তা নির্মাণ কৰিছে তথা নির্মাণকার্য চলি আছে তাৰ এক তথ্য দাঙি ধৰে গাডকাৰিয়ে৷ গাডাকাৰিয়ে প্রকাশ কৰা মতে, প্রাক্তন প্রধানমন্ত্রী অটল বিহাৰী বাজপেয়ী আমোলৰ ইষ্ট ৱেষ্ট কৰিড’ৰ প্রকল্পৰ অধীনত কেন্দ্রই অসমত মুঠ ৬৭৫ কিলোমিটাৰ ফ’ৰলেনযুক্ত ৰাস্তা নির্মাণ কৰিছে৷ তদুপৰি ৮,৮১৭ কোটি টকা ব্যয়সাপেক্ষে অসমত এই মুহূর্তত ৪১৬ কিলোমিটাৰৰ ৰাষ্ট্রীয় ঘাইপথ নির্মাণৰ কামো চলি আছে৷ পিছে চলিত বাজেট অধিৱেশনৰ কালছোৱাতেই কিছুদিন পূর্বে মন্ত্রী গাডকাৰিয়ে প্রদান কৰা তথ্যত প্রকাশ পাইছে যে যোৱা প্রায় পাঁচ বছৰত ৰাষ্ট্রীয় ঘাইপথ নির্মাণৰ যি লক্ষ্য নির্ধাৰণ কৰা হৈছিল তাৰ ২৫ শতাংশো কামো এতিয়ালৈকে সম্পন্ন হোৱা নাই৷ মন্ত্রী গাডকাৰিয়ে অসমৰ পথ যোগাযোগ ব্যৱস্থাৰ দুৰৱস্থাৰ কথা সময়ে সময়ে সংসদৰ মজিয়াত দাঙি ধৰি থকাটো যথেষ্ট লক্ষণীয় বিষয় হৈ পৰিছে৷ লগতে ব্রহ্মপুত্র এক্সপ্রেছ ৱে’ও যে অসমবাসীৰ বাবে কেৱল সপোন মাথোঁ সেয়াও আজি বিভাগীয় মন্ত্রীজনে স্পষ্ট কৰি দিয়ে৷

You might also like