নিয়মীয়া বাৰ্তা, ১৮ এপ্রিলঃ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে শুকুৰবাৰে মেঘালয়ৰ মুখ্যমন্ত্রী কনৰাড ছাংমাৰ সৈতে টেলিফোনযোগে বার্তালাপ কৰে ৷ বার্তালাপৰ সময়ত মুখ্যমন্ত্রী সোণোৱালে সম্প্রতি লকডাউনৰ পৰিপ্রেক্ষিতত অত্যাৱশ্যকীয় সামগ্রীৰ সৰবৰাহৰ বিষয়টো মেঘালয়ৰ মুখ্যমন্ত্রীগৰাকীৰ সৈতে আলোচনা কৰে ৷ মেঘালয়ৰ মাজেদি বৰাক উপত্যকালৈ বহ্মপুত্র উপত্যকাৰ পৰা অত্যাৱশ্যকীয় সামগ্রীৰ সুচল সৰবৰাহ নিশ্চিতকৰণৰ সন্দর্ভত মেঘালয়ৰ মুখ্যমন্ত্রীগৰাকীক উপযুক্ত পদক্ষেপ গ্রহণৰ বাবে মুখ্যমন্ত্রী সোণোৱালে আহ্বান জনায় ৷ আলোচনাৰ সময়ত মেঘালয়ৰ মুখ্যমন্ত্রীগৰাকীয়ে এইক্ষেত্রত শীঘ্রে যথোচিত পদক্ষেপ গ্রহণ কৰা হ’ব বুলি আশ্বাস দিয়ে ৷ দুয়োগৰাকী মুখ্যমন্ত্রীয়ে ক’ৰোনা ভাইৰাছৰ পৰিপ্রেক্ষিতত দুয়োখন ৰাজ্যই গ্রহণ কৰা ব্যৱস্থাৰাজি সম্পর্কতো মত বিনিময় কৰে ৷ ক’ভিড –১৯–এ সৃষ্টি কৰা জটিল পৰিস্থিতিৰ মোকাবিলা কৰাৰ বাবে অনাগত দিনত দুয়োখন ৰাজ্যই যৌথ সহযোগিতাৰে কাম কৰাৰ দিশতো মুখ্যমন্ত্রী দুগৰাকীয়ে আলাপ–আলোচনা কৰে ৷