বৰাক বিতর্ক; কোনো লোকৰেই মনত আঘাত হনা কাম হ’ব নালাগেঃ মুখ্যমন্ত্রী
নিয়মীয়া বাৰ্তা, ২৪ অক্টোবৰঃ অসমীয়া ভাষাৰ ছাইন ব’ৰ্ডত ক’লা ৰং সানি বৰাকত শেহতীয়াকৈ সৃষ্টি কৰা বিতর্কিত ঘটনাক লৈ বিশিষ্ট সাহিত্যিক ড০ নগেন শইকীয়াই অসমৰ পৰা বৰাকক বিচ্ছিন্ন কৰাৰ বাবে তোলা দাবীক লৈ ৰাজ্যজুৰি সৃষ্টি হৈছে তীব্র প্রতিক্রিয়া৷ বিশিষ্ট সাহিত্যিকগৰাকীয়ে কৰা এই মন্তব্য সন্দর্ভত দল–সংগঠনে প্রতিক্রিয়া প্রকাশ কৰাৰ সময়তে শনিবাৰে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ স্পষ্ট মন্তব্য– বৰাকেই হওক, ব্রহ্মপুত্র উপত্যকাই হওক, কাৰো মনত আঘাত হনা কাম কৰিব নালাগে৷
উপ–নির্বাচনৰ প্রচাৰৰ বাবে শনিবাৰে গোসাঁইগাঁও আৰু তামুলপুৰলৈ যোৱা মুখ্যমন্ত্রীগৰাকীয়ে বিষয়টো সন্দর্ভত সাংবাদিকৰ আগত প্রতিক্রিয়া প্রকাশ কৰি কয়– নগেন শইকীয়া এগৰাকী নমস্য ব্যক্তি৷ তেওঁৰ মন্তব্যক লৈ মোৰ ক’বলগীয়া নাই৷ কিন্তু বিজেপিয়ে অখণ্ড ভাৰতৰ হৈ কাম কৰি আছে৷ বৰাকেই হওক বা ব্রহ্মপুত্র উপত্যকাই হওক, কোনো উপত্যকাৰ লোকৰেই আঘাত হনা কাম হ’ব নালাগে৷ ভাষাই মানুহক একত্রিত কৰে৷ ভাষাই যদি বিভেদ আনে, তেন্তে ভাষাৰ মূল্য নাথাকিব৷ চৰকাৰে সকলোকে লৈ এখন বৰ অসম গঢ়াৰ প্রচেষ্টা কৰি আছে৷ এই প্রচেষ্টাত বাধা দিবৰ বাবে দুই–এটা ঘটনা হ’ব পাৰে, কিন্তু ইয়াৰ সৈতে আমি মোকাবিলা কৰিম৷
ইফালে সমগ্র ঘটনাক লৈ আলফাৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাই নগেন শইকীয়াক সমালোচনা কৰি বিশিষ্ট সাহিত্যিকগৰাকীৰ এই বক্তব্য দুর্ভাগ্যজনক, হতাশাজনক আৰু এটা অদ্ভূত দাবী বুলি মন্তব্য কৰিছে৷ আজি ফোনযোগে সংবাদ মাধ্যমত প্রতিক্রিয়া প্রকাশ কৰি আলফাৰ মুৰব্বীজনে কয়– ‘নগেন ককাইদেউৰ মন্তব্য দুর্ভাগ্যজনক৷ তেওঁক কথাটো উঠাই ল’বলৈ আহ্বান জনাইছোঁ৷ অসমবাসীৰ ওচৰত তেওঁ ক্ষমা খোজক৷ অন্যথা তেওঁৰ সন্মান লাঘৱ হ’ব৷ ড০ নগেন শইকীয়াৰ মন্তব্যই বুৰঞ্জীত কুঠাৰাঘাত কৰিছে৷ ড০ শইকীয়া অসমৰ এজন নমস্য ব্যক্তি৷ সকলো ক্ষেত্রতে তেওঁ শ্রেষ্ঠ৷ তেনে এজন ব্যক্তিয়ে এনেদৰে কৰা মন্তব্য এনে নেকি যে মাতৃৰ মূৰৰ বিষত মূৰটো কাটি পেলাব? তেওঁৰ মন্তব্যই আমাক হতাশ কৰিছে৷ সেয়েহে তেওঁক অনুৰোধ কৰিছোঁ যে এই বক্তব্য তেওঁ উঠাই লওক, তেনে কৰিলে তেওঁৰ সন্মান অটুট থাকিব৷ কোনো অপশক্তিয়ে অসমৰ পৰা বৰাকক বিচ্ছেদ কৰিব নোৱাৰে৷ প্রয়োজন হ’লে আমি মণিপুৰক এৰি দিব পাৰোঁ, মিজোসকলক এৰি দিব পাৰোঁ, কিন্তু বৰাক সদায় অসমৰ অবিচ্ছেদ্য অংগ হৈ থাকিব৷’
আনহাতে বৰাকৰ বুদ্ধিজীৱী প্রদীপ দত্তৰায়ে কৰা মন্তব্যৰ প্রতিক্রিয়া প্রকাশ কৰি তেওঁ কয়– ‘কোনোবা প্রদীপ দত্তৰায়ৰ কথাত গুৰুত্ব দিব নালাগে৷’ ইফালে ৰাজ্যজুৰি সৃষ্টি হোৱা এনে প্রতিক্রিয়াৰ পাছতো নিজৰ স্থিতিত অটল হৈ আছে বিশিষ্ট সাহিত্যিক ড০ নগেন শইকীয়া৷ আলফাৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাই কৰা মন্তব্যৰ পাছতেই সংবাদ মাধ্যমত নিজৰ স্থিতি পুনৰ স্পষ্ট কৰি সাহিত্যিকগৰাকীয়ে কয়– ক্ষমা বিচাৰিব লগা মন্তব্য মই কৰা নাই৷ মই কোনো দাবী উত্থাপন কৰা নাই৷ বিষয়টোক মই বিবেচনা কৰিবলৈহে কৈছোঁ৷ মই যি কথা উল্লেখ কৰিছোঁ, তাত বৰাকৰ গুণী–জ্ঞানী লোকসকলে আগভাগ লওক৷ আমি অকলে বৰাকক ভাল পালেই নহ’ব৷ আমাকো তেওঁলোকে ভাল পাব লাগিব৷ অসমৰ কোনো এটা সমস্যাৰ ক্ষেত্রতে বৰাকৰ সহযোগিতা দেখিবলৈ পোৱা হোৱা নাই৷ সেয়া অসম আন্দোলনেই হওক বা জাতি সুৰক্ষাৰ স্বার্থত উত্থাপিত বিষয় হওক, বৰাকে আমাক সহযোগ কৰা নাই৷ মোৰ ভাষাটোক বাৰে বাৰে অপদস্থ কৰিলে মই সহ্য কৰি থাকিব নোৱাৰোঁ৷ বৰাকৰ অসম বিশ্ববিদ্যালয়ত পশ্চিমবংগৰ বাংলাৰ সকলো বিশিষ্ট সাহিত্যিকৰ প্রতিমূর্তি আছে৷ কিন্তু তাত লক্ষ্মীনাথ বেজবৰুৱা, জ্যোতিপ্রসাদ আগৰৱালা বা পদ্মনাথ গোহাঞিবৰুৱাৰ প্রতিমূর্তি আজিলৈকে নাই৷ এনে দৃষ্টিভংগী থাকিলে আমি কেনেকৈ তেওঁলোকক আপোন বুলি ভাবিম?
বিশিষ্ট সাহিত্যিকগৰাকীয়ে ইয়াকো কয়– সম্পর্কৰ মধুৰতা একপক্ষীয়ভাৱে নহয়৷ দুয়োপক্ষৰ পৰা হ’ব লাগিব৷ বন্ধুত্বৰ ভাব, আত্মীয়তাৰ ভাব দুয়োপক্ষৰ পৰা হ’ব লাগে৷ কিন্তু তেওঁলোকে নিজেই সম্পর্ক মধুৰ হোৱাটো নিবিচাৰে৷ যাৰ বাবে বৰাক সন্দর্ভত পূর্বে সাহিত্য সভাৰ প্রাক্তন সভাপতি হিতেশ ডেকা আৰু মহেন্দ্র বৰাই বৰাকক কেঞ্চাৰ বুলি কৈ অসমৰ পৰা বাদ দিবলৈ কৈছিল৷ এই কথাত মই বিৰোধিতা কৰিছিলোঁ৷ কিন্তু এতিয়া মই সেই কথা নিজেই ভাবিবলৈ বাধ্য হৈছোঁ৷ অসমীয়া ভাষা–সাহিত্যক লৈ বৰাকত কেইবাজনো বিশিষ্ট সাহিত্যিকৰ বৰঙণি, অৱদান আছে৷ কিন্তু তেওঁলোকে বৰাকৰ সেই অপ–সংস্কৃতিৰ বিৰুদ্ধে কেতিয়াও থিয় নিদিয়ে৷ পৰেশ বৰুৱাৰ প্রসংগত সাহিত্যিকগৰাকীয়ে কয়– পৰেশ বৰুৱাই মোৰ মন্তব্য ভালকৈ শুনিলে মোৰ কথাখিনি বুজি পাব৷ মোক অপমান কৰিলেও বেয়া নাপাওঁ৷ কিন্তু মোৰ মনৰ ভাব মিছা নহয়৷ কথাটো হ’ল আমি স্থায়ী শান্তি বিচাৰোঁ৷ মই কৈছিলোঁ ভাষাটোক লৈ বিবাদ চলি থকাতকৈ বৰাকক পৃথক কৰাটো ভাল৷ পৰেশ বৰুৱাই ইতিহাস খুঁচৰি চোৱা প্রয়োজন৷ বৰাকৰ লোকসকলে নিজেই যদি থাকিব নিবিচাৰে, তেন্তে আমি কেনেকৈ ৰাখিম? বৰাকৰ প্রতি মোৰ গভীৰ প্রেম আছে৷ কিন্তু সেই মূল্য তেওঁলোকে বুজিব লাগিব৷
লক্ষণীয়ভাৱে বৰাকক অসমৰ পৰা পৃথক কৰাৰ দাবীক লৈ সৃষ্টি হোৱা বিতর্কই দুয়োটা উপত্যকাতে তোলপাৰ লগাইছে৷ সদৌ অসম ছাত্র সন্থায়ো (আছু) কোনো কাৰণতে বৰাকক অসমৰ পৰা বিচ্ছিন্ন হোৱাটো নিবিচাৰে বুলি আজি স্পষ্ট কৰি দিয়ে৷ আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল ভট্টাচার্যই কয় যে অসমৰ ভৌগোলিক অখণ্ডতা যিকোনো পৰিস্থিতিতেই অটুট থকাটো বিচাৰোঁ৷ যিকোনো পৰিস্থিতিতেই অসমৰ বিভাজনৰ পোষকতা আমি নকৰোঁ৷ একেদৰে অসমত কেতিয়াও এখন সুকীয়া ৰাজ্য প্রতিষ্ঠা হোৱাটো নিবিচাৰে জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদে৷ বৰাকক পৃথক কৰাৰ দাবী সন্দর্ভত পৰিষদৰ সাধাৰণ সম্পাদক পলাশ চাংমায়ে প্রতিক্রিয়া প্রকাশ কৰি কয়– ৰাজ্যখনৰ অখণ্ডতা ৰক্ষা হোৱাটো আমি বিচাৰোঁ৷ আকৌ আমি অসমতে এখন সুকীয়া ৰাজ্য প্রতিষ্ঠা হোৱাটো নিবিচাৰোঁ৷
ইফালে অসম সাহিত্য সভাৰ সভাপতি কুলধৰ শইকীয়াই আৱেগ আৰু ক্ষোভত নগেন শইকীয়াই এনে মন্তব্য কৰা বুলি প্রতিক্রিয়া প্রকাশ কৰিলে৷ তেওঁ কয়– অসমীয়া ভাষা–সাহিত্য, কলা–কৃষ্টি আগবাঢ়ি যোৱাত অসম ভূখণ্ডত থকা প্রতিজন লোকৰে অৱদান আছে৷ বাঙালী নেতা প্রদীপ দত্তৰায়েও নগেন শইকীয়াৰ মন্তব্যক দুর্ভাগ্যজনক বুলি মন্তব্য কৰে৷ এই বিষয়টোত প্রক্রিয়া প্রকাশ কৰিছে প্রদেশ কংগ্রেছৰ সভাপতি ভূপেন বৰায়ো৷ তেওঁ কয় যে ড০ নগেন শইকীয়া মোৰ শিক্ষাগুৰু৷ কিন্তু তেওঁৰ পৰা এনে বিভাজনকামী মন্তব্য আশা কৰা নাছিলোঁ৷ আমি অসম বিভাজনৰ পক্ষত নাই৷ প্রয়োজনত বুকু ফাঁলি দিবলৈকো সাজু আছে৷