বৰ্তমান সমাজৰ ‘মানৱ বোমা’ কোনসকল? ক’লে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই
নিয়মীয়া বাৰ্তা, ৩ এপ্ৰিলঃ অসমৰ কৰ’না আক্ৰান্তসকলক ‘মানৱ বোমা’ আখ্যা দিলে স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। কিয়নো তেওঁলোকৰ সংস্পৰ্শলৈ আহিলে বহু লোকৰ আক্ৰান্ত হোৱাৰ সম্ভাৱনা প্ৰকট। আক্ৰান্তসকল আত্মগোপন কৰি থাকিলে একোখন সমাজ শেষ হৈ যাব পাৰে বুলিও মন্তব্য মন্ত্ৰীগৰাকীৰ।
তেওঁ লগতে কয় যে আক্ৰান্তসকলে বিভিন্ন প্ৰকাৰে বিতৰ্কৰ কৰিবলৈ চেষ্টা কৰি আছে। খোৱা-বোৱাকে ধৰি চিকিৎসকে স্পৰ্শ নকৰাৰ অভিযোগ তুলিছে। এই অভিযোগ নসাৎ কৰি স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে কয় যে মই নিজে সকলোখিনি পৰ্যবেক্ষণ কৰি আছো। কোনো ৰোগী একো অসুবিধাৰ সন্মুখীন হোৱা নাই। এইক্ষেত্ৰত ৰাজনীতি নকৰিবলৈও আহ্বান জনালে মন্ত্ৰীগৰাকীয়ে।