ভাৰতীয় সভ্যতাৰ প্ৰতীক হৈছে যজ্ঞঃ জগদীশ মুখী
নিয়মীয়া বাৰ্তা ২৯ ফেব্ৰুৱাৰীঃ উত্তৰ গুৱাহাটীৰ পুৰাণ প্ৰসিদ্ধ শ্ৰী শ্ৰী অশ্বক্লান্ত দেৱালয়ত অসমৰ ৰাজ্যপাল জগদীশ মুখী । দেৱালয়খনত তিনিদিনীয়াকৈ অনুষ্ঠিত হোৱা শ্ৰী শ্ৰী বিষ্ণু মহাযজ্ঞত অংশগ্ৰহণ কৰি ৰাজ্যপাল গৰাকীয়ে উল্লেখ কৰে যে ভাৰতীয় সভ্যতাৰ প্ৰতীক হৈছে যজ্ঞ ।যজ্ঞক বাদ দি যাউতিযুগীয়া ভাৰতীয় সভ্যতা সংস্কৃতি অসম্পূৰ্ণ । বেদত আন আন বিষয়তকৈ যজ্ঞৰ বিষয়ে অধিক তত্ত্ব উল্লেখ আছে । ভাৰতীয় মঠ মন্দিৰ সমূহৰো আধাৰ হৈছে যজ্ঞ ।যজ্ঞৰ দ্বাৰা সুখ, শান্তি ,সম্প্ৰতি স্থাপন কৰিব পৰা যায় । যজ্ঞত ধাৰ্মিক তথা আধ্যাত্মিক তত্ত্ব আছে ।সংস্কাৰী সমাজ গঠনতো যজ্ঞই উল্লেখযোগ্য ভূমিকা ল’ৱ পাৰে । বিদেশতো যজ্ঞৰ ওপৰত যথেষ্ট চৰ্চা তথা গৱেষণা আৰম্ভ হৈছে ।
ভগৱান শ্ৰী কৃষ্ণৰ স্মৃতি বিজড়িত ৬০০ বছৰীয়া দেৱালয়খনৰ ইতিহাসত পোন প্ৰথম বাৰৰ বাবে আয়োজন কৰা হৈছে এই শ্ৰী শ্ৰী বিষ্ণু মহাযজ্ঞৰ সন্ত সমাৰোহত অসম সাহিত্য সভাৰ উপ সভাপতি মৃণালিনী দেৱীয়ে অংশ গ্ৰহণ কৰি এখনি স্মৃতি গ্ৰন্থ উন্মোচন কৰি কয় যে ভগৱান শ্ৰীকৃষ্ণৰ স্মৃতি বিজড়িত অশ্বক্লান্ত দেৱালয়খনক ৰাজ্যৰ এখন অন্যতম পৰ্যটন ক্ষেত্ৰ হিচাপে গঢ়ি তোলাৰ যথেষ্ঠ সম্ভাৱনা আছে । অনুষ্ঠানত অশ্বক্লান্ত দেৱালয় পৰিচালনা সমিতিৰ তৰফৰ পৰা ৰাজ্যপাল গৰাকীক সম্বৰ্ধনা জনোৱা
হয় ।
আৰম্ভণিতে যজ্ঞস্থলীত পূজাৰীৰ আশীৰ্বাদ গ্ৰহণ কৰে ৰাজ্যপাল গৰাকীয়ে । ব্ৰহ্মপুত্ৰৰ পাৰৰ নয়নাভিৰামপ্ৰায় প্ৰাকৃতিক পৰিবেশত অৱস্থিত দেৱালয়খনত আয়োজন কৰা যজ্ঞলৈ আগমন ঘটিছে অগণন ভক্তৰ ।