নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মই এতিয়াও BTC ছীফ হৈ আছোঃ হাগ্ৰামা মহিলাৰী

নিয়মীয়া বাৰ্তা, ২৮ এপ্ৰিলঃ BTCত ৬মাহৰ ৰাজ্যপালৰ শাসন প্ৰৱৰ্তন। মুখ্যপ্ৰশাসক হিচাপে IAS ৰাজেশ প্ৰসাদক নিযুক্তি। নতুন সচিব প্ৰধানৰ নিযুক্তিৰ পিছতেই হাগ্ৰামা মহিলাৰীৰ মন্তব্য।সাংবাদিকৰ আগত তেওঁ কয় যে আমি ৰাজ্যপালৰ শাসনৰ বাবে আৱেদন জনাইছিলো।ৰাজ্যপালৰ শাসন হ’লেও আমি BTCবাসীয়ে শান্তি বৰ্তাই ৰাখিম। আকৌ BPF-য়েই চৰকাৰ গঠন কৰিব গতিকে BPF কৰ্মীসকলে কোনো চিন্তা কৰিব নালাগে।

সকলো BPF কৰ্মীক নিজৰ নিজৰ বাসগৃহত এখনকৈ BPF দলৰ পতাকা ৰাখিবলৈ আহ্বান জনালে হাগ্ৰামা মহিলাৰীয়ে। অক্টোবৰ মাহত নিৰ্বাচন হোৱাটো বিচাৰো বুলিও সাংবাদিকৰ আগত প্ৰকাশ কৰে হাগ্ৰামা মহিলাৰীয়ে।

You might also like