নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মনোজ নাথৰ নেতৃত্বত গুৱাহাটী প্রেছ ক্লাবৰ নতুন সমিতিৰ দায়িত্ব গ্রহণ

প্রতিজন বিষয়ববীয়াক শপত বাক্য পাঠ কৰোৱালে প্রশান্তজ্যোতি বৰুৱাই

নিয়মীয়া বাৰ্তা, ১৬ মার্চঃ গুৱাহাটী প্রেছ ক্লাবত সুদীর্ঘ ১৭ বছৰ ধৰি চলি থকা অৰাজকতা আৰু নৈৰাজ্যৰ অৱসান ঘটাই দেওবাৰে নৱনির্বাচিত সমিতিখনে আনুষ্ঠানিকভাৱে ক্লাবৰ দায়িত্বভাৰ গ্রহণ কৰে ৷ গুৱাহাটী প্রেছ ক্লাবৰ নতুন সমিতি গঠনৰ বাবে গঠন কৰা আহ্বায়ক সমিতিৰ মুখ্য আহ্বায়ক তথা দ্য আছাম ট্রিবিউন কাকতৰ কার্যবাহী সম্পাদক প্রশান্তজ্যোতি বৰুৱাৰ পৰা নতুন সমিতিৰ সভাপতি মনোজ কুমাৰ নাথ আৰু সাধাৰণ সম্পাদক সঞ্জয় ৰায়ে প্রেছ ক্লাবৰ দায়িত্বভাৰ গ্রহণ কৰে ৷ ইয়াৰ পূর্বে আহ্বায়ক সমিতিৰ মুখ্য আহ্বায়ক প্রশান্তজ্যোতি বৰুৱা, সদস্য সঞ্জীৱ ফুকন, সদস্য সুশান্ত তালুকদাৰ, প্রাণজিৎ শইকীয়া নির্বাচনী সমিতিৰ বিষয়ববীয়া আৰু গুৱাহাটী প্রেছ ক্লাবৰ সদস্যসকলৰ উপস্থিতিত নতুন সমিতিৰ বিষয়ববীয়াসকলে শপত বাক্য পাঠ কৰে ৷ শপত বাক্য পাঠ কৰোৱায় প্রশান্তজ্যোতি বৰুৱাই ৷ প্রথমতে শপত গ্রহণ কৰে সভাপতি মনোজ কুমাৰ নাথে ৷

ইয়াৰ পিছতে ক্রমে উপ–সভাপতি ধনীৰাম কলিতা আৰু মৌচুমী শর্মা বৰুৱাই (মহিলাৰ বাবে সংৰক্ষিত পদৰ) শপত গ্রহণ কৰে ৷ ইয়াৰ পিছতে ক্রমে সাধাৰণ সম্পাদক সঞ্জয় ৰায়, সহকাৰী সম্পাদক মনিন্দ্র ডেকা আৰু মনীষা কলিতা (মহিলাৰ বাবে সংৰক্ষিত পদৰ) সাংগঠনিক সম্পাদক ৰাজু বৰুৱা, কোষাধ্যক্ষ নয়ন প্রতিম কুমাৰ, সাংস্কৃতিক সম্পাদিকা পল্লৱী বৰা আৰু ক্রীড়া সম্পাদক হিচাপে ধীৰাজ হাজৰিকাই শপত গ্রহণ কৰে ৷ ইয়াৰ পিছতে গুৱাহাটী প্রেছ ক্লাবৰ নৱনির্বাচিত বিষয়ববীয়াসকলক একোখনকৈ ফুলাম গামোচাৰে সম্বর্ধনা জনোৱা হয় ৷ অনুষ্ঠানত নির্বাচনী সমিতিৰ বিষয়ববীয়া ক্রমে প্রিজাইডিং অফিচাৰ অজিত পাটোৱাৰী, ৰিটার্নিং অফিচাৰ বিজন মহাজন, সদস্য দুর্বা ঘোষ, অনুপম নাথ, গালিবুৰ ৰহমান, সুনীল বৰাক একোখনকৈ গামোচাৰে সম্বর্ধনা জনোৱা হয় ৷

উল্লেখ্য যে মাত্র ২০দিনৰ ভিতৰত গুৱাহাটী প্রেছ ক্লাবৰ ভোটাৰ তালিকা প্রস্তুত কৰি সুকলমে ক্লাবৰ নির্বাচন অনুষ্ঠিত কৰাৰ বাবে আহ্বায়ক সমিতিৰ তৰফৰ পৰা বিশেষভাৱে ধন্যবাদ জনোৱা হয় ৷ অনুষ্ঠানত শপতগ্রহণ কৰি সভাপতি মনোজ কুমাৰ নাথে কয়– আজি গুৱাহাটী প্রেছ ক্লাবৰ এটা ঐতিহাসিক দিন ৷ যোৱা ১২ মার্চৰ নির্বাচন আছিল গুৱাহাটী প্রেছ ক্লাবত গণতন্ত্র প্রতিষ্ঠানৰ শেষ ৰণ৷ যোৱা ১৭ বছৰে প্রেছ ক্লাবত যি নৈৰাজ্যৰ সৃষ্টি হৈছিল তাৰ যাতে পুনৰাবৃত্তি নহয় তাৰ বাবে নতুন সমিতিখনে দায়বদ্ধতাৰে কাম কৰিম৷ আমাৰ দুবছৰীয়া কার্যকালত ক্লাবৰ গণতন্ত্র যাতে অক্ষুণ্ণ থাকে তাৰ বাবে সচেষ্ট হৈ থাকিম ৷ আমি ক্লাবৰ সকলোকে লৈ অনুষ্ঠানটোৰ উন্নয়নৰ হকে কাম কৰিম ৷ ‘অনুষ্ঠানত অজিত পাটোৱাৰীয়ে কয়– নতুন সমিতিখনক নির্বাচনী সমিতিৰ তৰফৰ পৰা অভিনন্দন জনাইছো ৷ নির্বাচনী প্রক্রিয়াৰ জৰিয়তে ক্লাবৰ সদস্যসকলে ইয়াৰ ভিতৰত দীর্ঘদিন চলি থকা অচলাৱস্থাৰ অৱসান ঘটালে৷ আশা কৰিছোঁ ক্লাবে এক নতুন গতি লাভ কৰিব ৷ নতুন সমিতিখনে কার্যনির্বাহক সদস্য মনোনীত কৰিব লাগিব আৰু ইয়াৰ পিছতে সমিতিখনে পূর্ণাংগ ৰূপ পাব ৷

অনুষ্ঠানত বিজন মহাজনেও নতুন সমিতিক শুভেচ্ছা জনায় ৷ তেওঁ কয়– গুৱাহাটী প্রেছ ক্লাবৰ ১৭ বছৰীয়া নৈৰাজ্যৰ কথা মনত ৰাখি আৰু গণতান্ত্রিক প্রমূল্যবোধক গুৰুত্ব দি নতুন সমিতিখনে কাম কৰিব লাগিব৷ আশা কৰিছো নতুন সমিতিখনে ক্লাবৰ নতুন গতি দিবলৈ সক্ষম হ’ব৷ অনুষ্ঠানত প্রশান্তজ্যোতি বৰুৱাই মনোজ কুমাৰ নাথৰ নেতৃত্বত গঠিত নতুন সমিতিখনক শুভেচ্ছা জনায়৷ তেওঁ কয় – আজিৰে পৰা নতুন সমিতিৰ ওপৰত গুৰু দায়িত্ব ন্যস্ত কৰা হ’ল৷ আজি ক্লাবৰ নতুন দিগন্ত দেখিবলৈ পাইছোঁ৷ আশা কৰিছো নতুন সমিতিৰ কার্যকলাপত ক্লাবত নতুন গণতান্ত্রিক পৰিৱেশ ঘূৰি আহিব৷ অনাগত দিনত প্রেছ ক্লাবৰ জয়জয় ময়ময় অৱস্থা হ’ব৷ উল্লেখ্য যে অনুষ্ঠানত নতুন সমিতিৰ তৰফৰ পৰা আহ্বায়ক সমিতিৰ বিষয়ববীয়াসকলক একোখনকৈ ফুলাম গামোচাৰে সম্বর্ধনা জনোৱা হয়৷ অনুষ্ঠানত গুৱাহাটী প্রেছ ক্লাবৰ হিচাপ পৰীক্ষা সমিতিৰ হৈ মৃণাল তালুকদাৰে প্রেছ ক্লাবৰ বিগত কার্যকালৰ বিত্তীয় হিচাপৰ ওপৰত প্রাথমিক প্রতিবেদন দাখিল কৰে ৷ বিগত ২০০৩ চনৰ পৰা ২০২০ চনৰ হিচাপ নিকাচ পৰীক্ষা কৰাৰ ক্ষেত্রত ক্লাবৰ প্রাক্তন সম্পাদক নৱ ঠাকুৰীয়া আৰু কোষাধ্যক্ষ সবিতা লহকৰে সহযোগ কৰা নাই বুলি মৃণাল তালুকদাৰে প্রতিবেদনত উল্লেখ কৰে ৷ অনুষ্ঠানৰ সামৰণিত আহ্বায়ক সমিতিৰ সদস্য প্রাণজিত শইকীয়াই শলাগৰ শৰাই আগবঢ়ায়৷ তেওঁ নির্বাচনী সমিতিৰ বিষয়ববীয়া, কামৰূপ (মহানগৰ) জিলাৰ উপায়ুক্ত, ৰাজ্যিক নির্বাচন আয়োগ, মহানগৰ আৰক্ষীৰ আয়ুক্ত, প্রত্নতত্ত্ব বিভাগৰ সঞ্চালক, আছাম টেণ্ট হাউছ, প্রতিগৰাকী জয়ী আৰু পৰাজিত প্রার্থী তথা ক্লাবৰ সদস্যসকলক ধন্যবাদ জনায় ৷

You might also like