নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাজুলীত অসম ভাওনা সমাৰোহ আৰম্ভ

নিয়মীয়া বাৰ্তা, ২০ জানুৱাৰীঃ ‘ভাওনা দৰাচলতে অসমৰ জনতাৰ ধর্ম–সমাজ–সাহিত্য মূল বেদী৷ জনসাধাৰণক নৈতিক, আধ্যাত্মিক, সামাজিক আৰু সাংস্কৃতিক জ্ঞান লাভত ভাওনাই শিক্ষা দিয়ে৷ নিস্তেজজনক তেজ দিয়া অনুষ্ঠানটোৱেই হ’ল ভাওনা৷ দুর্বলীক সাহস দিয়া, একাত্মবোধ থকাজনক সাত্ত্বিক জ্ঞানৰ বাট দেখুওৱা অনুষ্ঠানটোৱে হ’ল ভাওনা৷’ –এই মন্তব্য মাজুলীৰ ঐতিহাসিক শ্রীশ্রীআউনীআটী সত্রৰ সত্রাধিকাৰ ড০ পীতাম্বৰ দেৱগোস্বামীৰ৷

শ্রীশ্রীআউনীআটী সত্রৰ মণিকাঞ্চন ৰংগ ক্ষেত্রত ১৪ দিনীয়াকৈ অনুষ্ঠিত অসম ভাওনা সমাৰোহৰ দেওবাৰে উদ্বোধনীৰ দিনা পুৱা ৰাজ্যৰ বিভিন্ন স্থানৰ মুঠ ২৮ ধ্বজা উত্তোলক আৰু ধর্মপ্রাণ ৰাইজৰ উপস্থিতিত ধর্মধ্বজা উত্তোলন কৰে সত্রাধিকাৰ ড০ গোস্বামীয়ে৷

ধর্মধ্বজা উত্তোলনৰ পাছতেই ক্ষেত্র পৰিদর্শন, নামঘৰ পৰিদর্শন আৰু মণিকূটৰ দ্বাৰ মুকলি কৰা হয়৷ এই কার্যসূচীৰ অন্তত প্রদর্শনীৰ দ্বাৰ মুকলি কৰে মাজুলী জিলাৰ উপায়ুক্ত বিক্রম কৈৰীয়ে৷ ১১ বজাৰ পৰা নামঘৰত অনুষ্ঠিত হয় দুই হাজাৰ পাঠক–ভক্তৰ বৰতাল আৰু নাম পৰিৱেশনেৰে সমাৰোহৰ উদ্বোধনী অনুষ্ঠান৷

একেলগে হৰিনাম গাই দুই হাজাৰ পাঠক–ভক্তই বৰতাল বজাই সমগ্র অঞ্চলটো মুখৰিত কৰি তোলে৷ ইয়াৰ লগে লগে আৰম্ভ হয় সমাৰোহৰ উদ্বোধনী সভা৷ সমাৰোহৰ সভাপতি ড০ পীতাম্বৰ দেৱগোস্বামীৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত কার্যকর্তাই ‘নামঘৰৰ ইতিহাস’ শীর্ষক এখন গ্রন্থ উন্মোচন কৰে বিশিষ্ট সাহিত্যিক ড০ নগেন শইকীয়াই৷

উল্লেখ্য যে আউনীআটী সত্রৰ উদ্যোগত অসমৰ দহ হাজাৰ নামঘৰ সামৰি ‘নামঘৰৰ ইতিহাস’ নামৰ গ্রন্থখন প্রকাশৰ পৰিকল্পনা গ্রহণ কৰা হৈছিল৷ সেই অনুসৰি ১,৪০০ নামঘৰক সামৰি  গ্রন্থখনৰ প্রথম খণ্ডটো আনুষ্ঠানিকভাৱে উন্মোচন কৰে ড০ শইকীয়াই৷ ইয়াৰ পাছতেই সমাৰোহ উপলক্ষে প্রস্তুত কৰা স্মৃতিগ্রন্থ ‘ভক্তিৰংগ’ উন্মোচন কৰে মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ উপাচার্য ড০ ডম্বৰুধৰ নাথে৷

বিয়লি ১ বজাত মহাপুৰুষ শ্রীমন্ত শংকৰদেৱ বিৰচিত ৰামবিজয় অংকীয়া ভাওনা প্রদর্শন কৰে যোৰহাটৰ মঞ্জুলা সাংস্কৃতিক কেন্দ্রৰ শিল্পীসকলে৷ সন্ধিয়া কার্যকৰী সভাপতি দেৱানন্দ দেৱগোস্বামীয়ে বন্তি প্রজ্বলন কৰাৰ পাছত ৫.৩০ বজাৰ পৰা বাঘৰ গাঁও শংকৰজ্যোতি শিল্পী সমাজৰ দ্বাৰা ‘দধিচী মুনিৰ অস্থিদান বৃত্তাসুৰ বধ’ প্রথম দর্শনী আৰু উত্তৰ গুৱাহাটীৰ বিহলগনী বৰ নামঘৰৰ ‘তুলসী উদ্ধাৰ শংখচূড় বধ’ ভাওনা প্রদর্শন কৰা হয়৷

You might also like