নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাজুলীৰ অসহায় বৃদ্ধাৰ কৰুণ জীৱন সংগ্ৰাম

মুকলি আকাশৰ তলত ৰ'দ-বৰষুণ নেওচি দুৰ্বিষহ জীৱন-সংগ্ৰাম

নিয়মীয়া বাৰ্তা ২৪ এপ্ৰিলঃ মাজুলীৰ বনগাঁও আৰক্ষী চকীৰ অন্তৰ্গত অফলামুখ সমীপৱৰ্তী এটা শিৱ মন্দিৰত এগৰাকী অচিনাকি বৃদ্ধাই পাৰ কৰিছে দুৰ্বিষহ জীৱন। মন্দিৰটোৰ প্ৰাংগণত মুকলি আকাশৰ তলত মাটিত পেলাই থোৱা কেইছটামান ওখোৰা-মোখোৰা টিনপাতৰ ওপৰতেই শুই-বহি দিন অতিবাহিত কৰিছে। সমীপৱৰ্তী গঞাই যোগান ধৰা খাদ্যৰ ওপৰতে ভৰসা কৰি পাৰ কৰিছে জীৱন। ৰ’দ-বৰষুণ নেওচি বৃদ্ধাগৰাকীয়ে পাৰ কৰি থকা দুৰ্বিষহ জীৱনৰ বাস্তৱ ছবিখন কেৱল প্ৰত্যক্ষদৰ্শীয়ে যেন অনুভৱ কৰিব পাৰিব। বৃদ্ধাগৰাকী থকা মন্দিৰত আমাৰ প্ৰতিবেদক জন উপস্থিত হৈ সমীপৱৰ্তী গঞাৰ পৰা জানিব পৰা মতে, প্ৰায় তিনিমাহ পূৰ্বে কমলাবাৰী ঘাটত উদ্ধাৰ হোৱা বৃদ্ধাগৰাকীক মাজুলী থানা আৰু বনগাঁও আৰক্ষী চকীৰ লোকে মহিলাগৰাকীক আফলামুখৰ মলুৱা দাসৰ পৰিয়ালক চমজাই দিছিল। বৃদ্ধাগৰাকীৰ স্বীকাৰোক্তি ভিত্তিত অফলামুখৰ পৰিয়ালটোক আৰক্ষীয়ে চমজাই দিছিল যদিও মলুৱা দাসে কাগজত চহী কৰি আৰক্ষীৰ পৰা চমজি লোৱাৰ পাছত কিছুদিন পৰিয়ালটোৰ লগত আছিল যদিও মাজে মাজে মলুৱা দাসৰ ঘৰৰ পৰা ওলাই আহে বৃদ্ধাগৰাকী। সমীপৱৰ্তী গঞাই জানিবলৈ দিয়া মতে বৃদ্ধাগৰাকী মলুৱা দাসৰ কোনো আত্মীয় বা চিনীকী নহয়। তথাপিটো বৃদ্ধাগৰাকীক আশ্ৰয় দিছিল যদিও মানসিকভাৱে দুৰ্বল বৃদ্ধাগৰাকী বাৰে বাৰে ওলাই আহি মন্দিৰত আশ্ৰয় লয়। এদিন এনেদৰেই ওলাই আহি পুনৰ মলুৱা দাসৰ ঘৰলৈ ঘূৰি নোযোৱাত তেতিয়াৰ পৰা মন্দিৰৰ মুকলি অংশটোৱেই বৃদ্ধাগৰাকীৰ শেষ আশ্ৰয় হৈ আহিছে। সমীপৱৰ্তী কোনো ব্যক্তিয়েই বৃদ্ধাগৰাকীক চিনি নাপায় বুলি মত প্ৰকাশ প্ৰকাশ কৰাৰ লগতে প্ৰতিদিনে ভিন্ন পৰিয়ালে চাহ, ভাতৰ যোগান ধৰি আহিছে। কেতিয়াবা বৃদ্ধাগৰাকীয়ে সমীপৱৰ্তী পৰিয়ালয়ৰ পৰা বিচাৰিও খায়। কালি বৃদ্ধাগৰাকীক ঘৰৰ ঠিকনা সোধাত যোৰহাটৰ বুলি কোৱাৰ লগতে অফলামুখ গাঁৱত জন্ম বুলিও কয়। নিজৰ নাম গোল মাই দাস বুলি কোৱা বৃদ্ধা গৰাকীৰ বয়স প্ৰায় ৭৫ বছৰ। কোনো কোনো লোকে বৃদ্ধাগৰাকীক মানসিক ৰোগী বুলি ক’লেও বৃদ্ধাগৰাকীৰ কথা-বাৰ্তা আৰু আচৰণত সম্পূৰ্ণ ৰূপে মানসিক ৰোগী বুলিও ক’ব নোৱাৰি। উপযুক্ত চিকিৎসা পোৱা হলে নিশ্চয়কৈ সুস্থ হৈ উঠিলহেঁতেন বৃদ্ধাগৰাকী। অঞ্চলবাসীৰ মত তেওঁলোকে লকডাউনৰ বাবে নিজৰ ঘৰত ৰাখিব পৰা নাই যদিও কোনো সময়তে খাদ্যৰ সমস্যাত পৰিবলৈ দিয়া নাই বৃদ্ধাগৰাকীক। অফলামুখৰ বহুকেইটা পৰিয়ালৰ মৰম আৰু আপডালত দিন অতিবাহিত কৰিলেও যেন নিজাকৈ অকণমান আশ্ৰয়ৰ প্ৰয়োজন মহিলাগৰাকীৰ। যি সময়ত মহিলাহৰাকীয়ে পুত্ৰ, ভাই, ককাই বা পৰিয়ালৰ অন্যজনৰ আপডাল পাব লাগিছিল তেনে সময়তে ঠিকনাবিহীন এটা কষ্টকৰ অঘৰী জীৱন কটাব লগা হোৱা বৃদ্ধাগৰাকীক দেখিলে হূদয়বানজনৰ চকুলো নিগৰিব।

You might also like