মামণি বাইদেৱে কৰিছিল ভৱিষ্যদ্বাণীঃ ‘মই আজিয়েই কৈ থ’লো অসমে পৰৱর্তী জ্ঞানপীঠ বঁটাটো পাব কবিতাৰ কাৰণে’
নিয়মীয়া বাৰ্তা, ৮ ডিচেম্বৰঃ প্রতীকবাদ–চিত্রকল্প সুদূৰপ্রসাৰী প্রভাৱেৰে অসমীয়া কাব্য সাহিত্যত এক ব্যতিক্রমী মননশীল অধ্যায়ৰ সৃষ্টিকাৰী নীলমণি ফুকনলৈ আগবঢ়োৱা হৈছে ৫৬সংখ্যক জ্ঞানপীঠ বঁটা৷ ‘ভাৰতীয় জ্ঞানপীঠ’–এ আজি আনুষ্ঠানিকভাৱে এই সুখবৰটো ঘোষণা কৰাৰ লগে লগে ৰাজ্যৰ সাহিত্য–বৌদ্ধিক জগত স্বাভাৱিকতে আহ্লাদিত হৈ পৰিছে৷ তৃতীয়গৰাকী অসমীয়া হিচাপে ‘কাব্যঋষি’য়ে লাভ কৰিলে ভাৰতীয় সাহিত্যৰ সর্বোচ্চ সন্মান৷ ইয়াৰ মাজতে চর্চালৈ আহিছে পূর্বে জ্ঞানপীঠ লাভেৰে অসম আৰু অসমীয়াক গৌৰৱান্বিত কৰা মামণি ৰয়ছম গোস্বামীয়ে কৰা এক ভৱিষ্যদ্বাণী৷ ‘জিলিঙনি’ নামৰ আলোচনীখনৰ ২০০১ চনৰ ছেপ্ঢেম্বৰ মাহত প্রকাশ পাইছিল সকলোৰে প্রিয় মামণি বাইদেউৰ এটা সাক্ষাৎকাৰ তেওঁ কৈছিল– ‘মই আজিয়েই কৈ থ’লোঁ, অসমে পৰৱর্তী জ্ঞানপীঠ বঁটাটো কবিতাৰ কাৰণে পাব৷’ দুই দশক পূর্বে জ্ঞানপীঠ বিজয়িনীয়ে সাক্ষাৎকাৰত কৰা ভৱিষ্যদ্বাণী আজি সঁচা হ’ল৷ ‘সূর্য্য হেনো নামি আহে এই নদীয়েদি’, ‘নির্জনতাৰ শব্দ’, ‘ফুলি থকা সূর্যমুখী ফুলটোৰ ফালে’, ‘কাঁইট গোলাপ আৰু কাঁইট’, ‘গোলাপী জামুৰ লগ্ণ’, ‘অলপ আগতে আমি কি কথা পাতি আছিলোঁ’ আদি অনেক সংকলনেৰে অসমীয়া কাব্য জগতক সমৃদ্ধ কৰা নীলমণি ফুকনে লাভ কৰিলে সন্মানীয় জ্ঞানপীঠ৷
মন কৰিবলগীয়া যে ভাৰতীয় সাহিত্যৰ সর্বোচ্চ সন্মান লাভ কৰা তিনি অসম সন্তান হ’ল– বীৰেন্দ্র কুমাৰ ভট্টাচার্য, মামণি ৰয়ছম গোস্বামী আৰু নীলমণি ফুকন৷ তিনিওগৰাকীয়ে জ্ঞানপীঠ লাভৰ ক্ষেত্রত এক কাকতালীয় মিল আছে৷ সেয়া হৈছে– সময়ৰ ব্যৱধান৷ ১৯৭৯ চনত প্রথমগৰাকী অসমীয়া হিচাপে ‘মৃত্যুঞ্জয়’ উপন্যাসখনৰ বাবে বীৰেন্দ্র কুমাৰ ভট্টাচার্যই জ্ঞানপীঠ বঁটা লাভ কৰিছিল৷ ইয়াৰ সুদীর্ঘ ২১ বছৰৰ পিছত ২০০০ চনত মামণি ৰয়ছম গোস্বামীয়ে এই সন্মান অর্জন কৰে৷ ‘কাব্যঋষি’লৈ ২০২০ বর্ষৰ বাবে জ্ঞানপীঠ আগবঢ়োৱা হৈছে যদিও ঘোষণা কৰা হ’ল ২০২১ চনত৷ এই দিশৰ পৰা সময়ৰ ব্যৱধান ২১ বছৰ৷