মাহমৰা শাখা সাহিত্য সভাৰ নিজৰ দিন পালন
নিয়মীয়া বাৰ্তা, ১৫ এপ্ৰিলঃ -অসম সাহিত্য সভাৰ অন্যতম সক্ৰিয় শাখা সাহিত্য সভা মাহমৰা শাখা সাহিত্য সভাই আজি পহিলা ব’হাগত অসম সাহিত্য সভাৰ” নিজৰ দিন” পালন কৰি অঞ্চলটোৰ কেইবাজনো বিশিষ্ট ব্যক্তিক ঘৰে ঘৰে গৈ সাহিত্য সভাৰ ওলগনি পত্ৰ আৰু অসমীয়াৰ স্বাভিমান বিহুৱান প্ৰদান কৰে। এসময়ৰ ডিব্ৰুগড় অনাতাঁৰ কেন্দ্ৰৰ বিহু শিল্পী, ঢুলীয়া, সাংস্কৃতিক কৰ্মী, অৱসৰপ্ৰাপ্ত কৰ্মচাৰী পহুচুঙী গাঁও নিবাসী দিলীপ পহুচুঙী, অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক, সমাজকৰ্মী, ধৰ্মপ্ৰাণ ব্যক্তি জাপিধৰা গাঁৱৰ মোহন বুঢ়াগোহাঁই, মাহমৰা দিচাংকোষ গাঁও নিবাসী অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক, সমাজকৰ্মী তিলেশ্বৰ গগৈ আৰু কাকতিবাৰী নিবাসী অৱসৰপ্ৰাপ্ত কৰ্মচাৰী, সমাজকৰ্মী প্ৰেম গগৈ দেৱক ৰঙালী বিহুৰ লগতে অসমীয়া নতুন বছৰৰ ওলগ জনাই সাহিত্য সভাৰ ওলগনি পত্ৰ প্ৰদান কৰা কাৰ্য্যসূচীৰ আঁত ধৰে মাহমৰা শাখাৰ সম্পাদক, লেখিক ফণীন্দ্ৰ চেতিয়াই । উক্ত কাৰ্যসূচীত উপস্থিত থাকি সহযোগিতা আগবঢ়ায় মাহমৰা শাখা সাহিত্য সভাৰ সভাপতি, অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ভূপেন দেওঘৰীয়া, চৰাইদেউ জিলা সাহিত্য সভাৰ প্ৰকাশন সচিব কল্পনা বৰুৱা, শিক্ষয়িত্ৰী লিলি দেওঘৰীয়া আৰু অঞ্জনা চাংমাই গগৈয়ে।
প্ৰেৰক:-দীপাংকৰ পাল