নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মায়ঙত গুৱাহাটীৰ যুৱ ব্যৱসায়ীক নৃশংস হত্যা

নিয়মীয়া বাৰ্তা, ৩০ জানুৱাৰীঃ মায়ঙত বুধবাৰে উদ্ধাৰ হয় গুৱাহাটী হাতীগাঁৱৰ ব্যৱসায়ী ভাস্কৰজ্যোতি নেওগৰ মৃতদেহ ৷ দুর্বৃত্তই ব্যৱসায়ীক হত্যা কৰি বস্তাত ভৰাই মায়ঙৰ পাতেকীবৰী গাঁৱৰ মৰিসুঁতিৰ এখন দলঙৰ তলত পেলাই দিছিল মৃতদেহ৷ এই ঘটনাই সমগ্র অঞ্চলটোত তীব্র চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ উল্লেখ্য যে জাগীৰোড থানাৰ অন্তর্গত ঝাৰগাঁও অঞ্চলৰ শিমলুতোলা গাঁৱৰ দিলীপ বর্মন নামৰ এজন লোকে ভাস্কৰজ্যোতি নেওগৰ পৰা ভাৰাত আনিছিল দুখন এক্সকেভেটৰ ৷ এক্সকেভেটৰ দুখনৰ ভাৰা আদায় ল’বলৈ যোৱা ২৫ জানুৱাৰীত মায়ঙলৈ আহিছিল ভাস্কৰ ৷ কিন্তু সিদিনা সন্ধিয়াৰ পৰা মোবাইল ফোন বন্ধ হৈ পৰিছিল ভাস্কৰৰ ৷ তাৰ পিছৰে পৰা নিখোজ হৈ আছিল যুৱ ব্যৱসায়ী ভাস্কৰ৷ এই সন্দর্ভত পৰিয়ালৰ লোকে হাতীগাঁও থানাত দাখিল কৰিছিল এজাহাৰ ৷

বিগত দুদিন ধৰি মায়ং আৰক্ষীয়ে দিলীপ বর্মনক আটক কৰি অব্যাহত ৰাখিছিল জেৰা ৷ অৱশেষত দিলীপ বর্মনৰ স্বীকাৰোক্তিৰ ভিত্তিত মায়ং আৰক্ষী থানাৰ ভাৰপ্রাপ্ত বিষয়া সমীৰ কোঁৱৰৰ নেতৃত্বত বুধবাৰে চলোৱা এক অভিযানত মায়ঙৰ পাতেকীবৰী গাঁৱৰ মৰিসুঁতিৰ এখন দলঙৰ তলত উদ্ধাৰ হয় ভাস্কৰৰ মৃতদেহ ৷ দুর্বৃত্তই হত্যা কৰি বস্তাত ভৰাই দলঙৰ পৰা পেলাই দিছিল ভাস্কৰৰ মৃতদেহ ৷ মৃতদেহৰ লগতে বস্তাত ভৰাই দিছিল কেইবাটাও শিল ৷ আনহাতে ঘটনাস্থলীত আৰক্ষীয়ে উদ্ধাৰ কৰিছে এটা খালী কার্টিজ ৷ লগতে মৃতদেহত দুটাকৈ গুলীৰ চিনো স্পষ্ট হৈ আছে ৷ আৰক্ষী সূত্র মতে, ধৃত দিলীপ বর্মনে ভাস্কৰজ্যোতি নেওগক এক্সকেভেটৰ ভাৰাৰ বাবদ আদায় দিছিল ৪৫ লাখ টকা ৷ পিছত আন সহযোগীৰ সৈতে ভাস্কৰক হত্যা কৰি সেই ৪৫ লাখ টকা ভগাই লোৱা বুলিও আৰক্ষীৰ আগত স্বীকাৰ কৰিছে হত্যাকাৰী দিলীপে ৷ ঘটনাত জড়িত চাইদুল নামৰ আন এটা হত্যাকাৰীকো আটক কৰিছে আৰক্ষীয়ে ৷ হত্যাকাণ্ডৰ লগত আৰু কেইবাজনো লোক জডিত থকাৰ তথ্য আৰক্ষীয়ে লাভ কৰিছে যদিও তদন্তৰ খাতিৰত নাম প্রকাশ কৰাৰ পৰা বিৰত থাকে ৷ অৱশ্যে ৰচিদুল ওৰফে গংগুৰ লগতে মায়ঙৰ কেইবাটাও আত্মসমর্পণকাৰী চোৰাং গঁড় চিকাৰী এই ঘটনাত জড়িত বুলি এটা সূত্রই প্রকাশ কৰিছে৷ হত্যাকাণ্ডত কোন কোন জডিত আৰু কেনেদৰে এই হত্যকাণ্ড সংঘটিত কৰিলে সকলো তথ্য আৰক্ষীৰ তদন্তৰ পিছতহে পোহৰলৈ আহিব বুলি মায়ং আৰক্ষীয়ে জানিবলৈ দিছে ৷

You might also like