নিয়মীয়া বার্তা, ৪ মার্চঃ প্রধানমন্ত্রী নৰেন্দ্র মোদী আৰু গৃহমন্ত্রী অমিত শ্বাহক সন্ত্রাসবাদী বুলি মন্তব্য দিয়া অসম ৰাজ্যিক বিজেপিৰ অপসাৰিত নেত্রী মীৰা বৰঠাকুৰ গোস্বামীয়ে এখন ৰাজহুৱা সভাত মন্তব্য কৰাৰ বিৰুদ্ধে মহানগৰীৰ দিছপুৰ থানাত গোচৰ ৰুজু কৰিছে দলটোৱে ৷ ৰাজ্যিক বিজেপিৰ মুখপাত্র অপৰাজিতা ভূঞাই মঙলবাৰে মীৰা বৰঠাকুৰৰ বিৰুদ্ধে দিছপুৰ থানাত এজাহাৰ দাখিল কৰে ৷ উল্লেখ্য যে যোৱা ২ মার্চত যোগীঘোপাৰ বালাপাৰাত অনুষ্ঠিত ছাত্র মুক্তিৰ ‘কা’বিৰোধী এখন ৰাজহুৱা সভাত মীৰা বৰঠাকুৰ গোস্বামীয়ে প্রধানমন্ত্রী নৰেন্দ্র মোদী আৰু গৃহমন্ত্রী অমিত শ্বাহ সন্ত্রাসবাদী আৰু মোদী আৰু শ্বাহৰ দাদাগিৰি নচলিব বুলি বিতর্কিত শব্দ প্রয়োগ কৰি উপস্থিত ৰাইজক উত্তেজিত কৰি দেশদ্রোহী হ’বলৈ উচটনি দিছিল ৷ ইফালে প্রধানমন্ত্রী–গৃহম বিৰুদ্ধে অশালীন মন্তব্য কৰা মীৰা বৰঠাকুৰৰ বিৰুদ্ধে শিৱসাগৰ বিজেপিয়ে আজি নিশা সদৰ থানাত এখন এজাহাৰ দাখিল কৰে৷ বিজেপিৰ শিৱসাগৰ জিলা সমিতিয়ে তাৎক্ষণিকভাৱে বিতর্কিত মন্তব্য কৰা মীৰা বৰঠাকুৰৰ বিৰুদ্ধে আইনগত ব্যৱস্থা গ্রহণৰ দাবী জনায় ৷