মুকলি আকাশৰ তলত গোৱালপাৰাত গ্রেপ্তাৰ হোৱা ৩ আইছিছ
বোমা নির্মাণৰ প্রশিক্ষণ লৈ থাকোঁতে পৰিছিল জালত
নিয়মীয়া বাৰ্তা ২৫ ফেব্ৰুৱাৰীঃ দিল্লীৰ বিশেষ অনুসন্ধান শাখাৰ আৰক্ষীয়ে গোৱালপাৰা আৰক্ষীৰ সহযোগত চহৰৰ মধুবন লজৰ পৰা যোৱা ২৫ নৱেম্বৰৰ নিশা গ্রেপ্তাৰ কৰা কৃষ্ণাই অঞ্চলৰ লুইত জামাল (২৪), মোকাদ্দিৰ ইছলাম (২১) আৰু ৰঞ্জিত আলী (২৪) নামৰ আইছিছ সদস্যকেইজন আজি মুকলি আকাশৰ তললৈ ওলাই আহে৷ সোমবাৰে তিনিওজনক আদালতত হাজিৰ কৰোৱা হয়৷ আৰক্ষীয়ে তিনিওজন লোকক জামিনত মুক্তি দিয়ে বুলি তেওঁলোকৰ পক্ষৰ অধিবক্তা অৰুণ ঘোষে জানিবলৈ দিয়ে৷ উল্লেখ্য যে গোৱালপাৰা চহৰৰ মধুবন লজৰ পৰাআইছিছ সদস্যকেইজনক বৃহৎ পৰিমাণৰ বিস্ফোৰক সামগ্রীসহ যোৱা ২৫ নৱেম্বৰত গ্রেপ্তাৰ কৰিছিল৷ সন্ত্রাসবাদীকেইজনৰ্ পৰা আৰক্ষীয়ে হস্তনির্মিত বোমা–বাৰুদ আৰু টাইমাৰ উদ্ধাৰ কৰিছিল৷ আৰক্ষীয়ে সন্ত্রাসবাদীকেইজনক্ পিছৰ দিনাই আদালতত হাজিৰ কৰাই আৰু অধিক তথ্য সংগ্রহ কৰিবলৈ দহ দিনৰ আৰক্ষী জিম্মাত লৈছিল আৰু দহ দিনৰ অন্তত ন্যায়িক জিম্মালৈ প্রেৰণ কৰা হৈছিল৷ মধুবন লজত প্রথমে উত্তৰ প্রদেশৰ উগ্রপন্থী দলটোৰ লগত কৃষ্ণাইৰ লুইত জামাল, মোকাদ্দিৰ ইছলাম আৰু ৰঞ্জিত আলীৰ লগত ফেচবুকত চিনাকি হৈছিল৷ তাৰ পিছৰে পৰা যোগাযোগ আৰম্ভ হৈছিল৷ উক্ত লজৰ ১০২নং কোঠাত কেইবাদিন ধৰি এই তিনিজন লোকক ম’বাইল ফোনত কেনেকৈ বোমা তৈয়াৰ কৰা হয় আৰু ইউ টিউবত কেনেকৈ ভিডি’অ আপলোড কৰা হয় সেই বিষয়ে প্রশিক্ষণ দি আছিল৷ গ্রেপ্তাৰ কৰা সন্ত্রাসবাদী দলটোৱে জিলাখনৰ দুধনৈ ৰাস মহোৎসৱত ভয়ংকৰ কূটাঘাতমূলক কার্য সংঘটিত কৰাৰ পৰিকল্পনা কৰিছিল৷ ইফালে আজি তিনিওজন মুকলি আকাশৰ তললৈ ওলাই অহাত কৃষ্ণাইৰ নয়াপাৰা আৰু চর্দাপাৰাৰ গাঁওবাসীয়ে সন্তুষ্টি প্রকাশ কৰে৷ পৰিয়ালে এয়া দিল্লী আৰক্ষীৰ নাটক বুলি কৈ সত্যৰ সদায জয় হ’বই বুলি আনন্দ প্রকাশ কৰি আদালতক উচিত ন্যায় দিয়াৰ বাবে ধন্যবাদ জনায়৷