শেহতীয়া পৰিস্থিতিক লৈ মুখ্যমন্ত্রীৰে ৰুদ্ধদ্বাৰ বৈঠক প্রফুল্ল মহন্তৰ
নিয়মীয়া বাৰ্তা, ২৩ এপ্ৰিলঃ ক’ৰোনা ভাইৰাছৰ সংক্রমণৰ শংকাক লৈ সৃষ্টি হৈ থকা উদ্বেগজনক পৰিস্থিতিৰ মাজতে বুধবাৰে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালক সাক্ষাৎ কৰিলে প্রাক্তন মুখ্যমন্ত্রী প্রফুল্ল কুমাৰ মহন্তই৷ ব্রহ্মপুত্র ৰাজ্যিক অতিথিশালাত হোৱা এই ৰুদ্ধদ্বাৰ বৈঠকত ৰাজ্যৰ শেহতীয়া পৰিস্থিতিক লৈ এক দীঘলীয়া আলোচনাত মিলিত হয় দুয়োগৰাকী নেতা৷
উল্লেখ্য যে ৰাজ্যত বিজেপি নেতৃত্বাধীন চৰকাৰখনে চাৰি বছৰ সম্পূর্ণ কৰিবলৈ লোৱাৰ প্রাক্ক্ষণত প্রফুল্ল কুমাৰ মহন্তৰে হোৱা মুখ্যমন্ত্রীৰ এই বৈঠকক লৈ চর্চাৰ সৃষ্টি হৈছে ৰাজনৈতিক মহলত৷ বৈঠকৰ পাছত সাংবাদিকৰে হোৱা বার্তালাপত মহন্তই কয় যে ৰাজ্যৰ শেহতীয়া পৰিস্থিতি সন্দর্ভত মুখ্যমন্ত্রীৰে সৌহার্দ্যপূর্ণ পৰিৱেশত বিস্তৃত আলোচনা কৰা হয়৷ বিশেষকৈ লকডাউনৰ সময়ছোৱাত দুখীয়া তথা শ্রমিক শ্রেণীৰ লোকসকলে সন্মুখীন হোৱা দিশসমূহ আলোচনা কৰা হয়৷ এই সময়ছোৱাত গৃহবন্দী হৈ থকা অসমৰ শ্রমিকসকলৰ বাবে বিশেষ ব্যৱস্থা গ্রহণৰ বাবেও মুখ্যমন্ত্রীক অনুৰোধ জনোৱা হৈছে৷
ইফালে, ৰাজ্য চৰকাৰৰ এক সূত্রই প্রকাশ কৰা মতে, মহন্তৰে হোৱা বৈঠকত প্রাক্তন মুখ্যমন্ত্রীগৰাকীয়ে ৰাজ্যৰ বিত্তীয় পৰিস্থিতি সম্পর্কেও আলোচনা কৰে৷ আর্থিক সংকটৰ জোৰা মৰাৰ ক্ষেত্রত এলানি পৰামর্শ আগবঢ়ায় মহন্তই৷ ইফালে, এই বৈঠকতে প্রফুল্ল কুমাৰ মহন্তই অসমৰ আটাইকেইখন জিলাৰে দুখীয়া জনসাধাৰণক সহায় কৰাৰ বাবেও মুখ্যমন্ত্রীক অনুৰোধ জনায়৷ লক্ষণীয়ভাৱে আলোচনাকালত প্রফুল্ল মহন্তই সাম্প্রতিক পৰিস্থিতিত ধনৰ নাটনি বা বিত্তীয় সংকটৰ সন্মুখীন হ’ব নালাগে বুলি উল্লেখ কৰে৷ মহন্তৰ মতে, মুখ্যমন্ত্রীৰ সাহায্য পুঁজিলৈ আৰু আৰোগ্য নিধিলৈ জনসাধাৰণে পর্যাপ্ত ধন আগবঢ়াইছে৷ এনে ক্ষেত্রত বাজেট অনুযায়ী কাম কৰাত অসুবিধা হ’ব নালাগে৷ কর্মচাৰীৰ দৰমহা দিব নোৱাৰা অৱস্থাৰ সৃষ্টি হ’ব নালাগে বুলিও তেওঁ উল্লেখ কৰে৷ মহন্তই সাংবাদিকৰ আগত কয়– ক’ৰোনাৰ বিৰুদ্ধে চলি থকা যুদ্ধখনত ৰাজনৈতিক লাভালাভৰ ঊর্ধ্বত গৈ সকলোৱে একেলগে কাম কৰিব লাগিব৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীকো প্রাক্তন মুখ্যমন্ত্রীজনে ইয়াৰ বাবে বিশেষভাৱে ধন্যবাদ জনায়৷