মুখ্যমন্ত্ৰী সোণোৱালৰ নিজ সমষ্টিত ক’ৰোনা সম্পৰ্কে পৰ্যালোচনা
নিয়মীয়া বাৰ্তা ১৬ এপ্ৰিলঃ আজি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে নিজ গৃহ সমষ্টি মাজুলীৰ গড়মূৰস্থিত শ্ৰীশ্ৰীপীতাম্বৰ দেৱগোস্বামী মহকুমা অসামৰিক চিকিৎসালয় পৰিদৰ্শন কৰি জিলা প্ৰশাসনৰ সৈতে ক’ভিড-১৯ সম্পৰ্কীয় সামগ্ৰিক পৰিস্থিতিৰ বুজ লয়। মুখ্যমন্ত্ৰী গৰাকীয়ে ক’ৰোনা যোদ্ধা সকলক আন্তৰিকতাৰে শলাগ লয়। আনহাতে মুখ্যমন্ত্ৰী গৰাকীয়ে সামাজিক দূৰত্ব মানি যাতে কৃষক সকলে খেতি কৰিব পাৰে লগতে লকডাউনৰ সময়ছোৱাত জিলাখনত অত্যাৱশ্যকীয় সামগ্ৰীৰ নাটনি নহয় তাৰে বাবে জিলা প্ৰশাসনক নিৰ্দেশ দিয়ে।