নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মুম্বাইত ক’ৰোনাত আক্ৰান্ত হৈছে অসমৰ দুজনকৈ লোক

নিয়মীয়া বাৰ্তা, ২ মেঃ ৰাজধানী দিল্লীৰ পিছত মুম্বাই ক’ৰোনাত আক্ৰান্ত হৈছে অসমৰ দুজনকৈ লোক। দুয়োজনৰ এজন আছে মুম্বাইৰ অসম ভৱনত আৰু আনজন গেষ্ট হাইছত। আক্ৰান্ত দুয়োজনেই কৰ্কট ৰোগীৰ লগত চিকিৎসাৰ বাবে যোৱা পৰিয়ালৰ সদস্য বুলি জানিব পৰা গৈছে।

অসম ভৱনত থকা লোকজনক ভৰ্তি কৰোৱা হৈছে হাস্পতালত। আনহাতে গেষ্ট হাউছত থকা লোকজনক হাস্পতালত বিচনাৰ অভাৱৰ বাবেই গেষ্ট হাউছতেই কোৱাৰেণ্টাইনত ৰখা হৈছে। বৰ্তমান অসম ভৱনত থকা লোকসকলক কোৱাৰেণ্টাইনৰ ব্যৱস্থা কৰা হৈছে। দিনক দিনে দেশত ভয়াৱহ ৰূপ ধাৰণ কৰিছে ক’ৰোনা ভাইৰাছে। মুম্বাইৰ অসম ভৱনৰ আৱাসিক আয়ুক্তই জনোৱা মতে এই ৰোগী দুজনক লৈ কোনোধৰণৰ চিন্তাৰ কাৰণ নাই আতংকিত নহয় সজাগ হোৱাৰ আহ্বান সকলোকে।

You might also like