নিয়মীয়া বাৰ্তা, ২৪ মার্চঃ দৰঙত সোমবাৰে পুনৰ এজন এগৰাকী বহিঃৰাজ্যৰ পৰা উভতি অহা যুৱকক আছুতীয়া কক্ষত নিৰীক্ষণ কৰা হৈছে ৷ মুম্বাইৰ পৰা উভতি অহা মহলীয়াপাৰা হাপামাৰাৰ যুৱকজনৰ মূৰৰ বিষ, জ্বৰৰ লক্ষণ প্রকাশ পোৱাত সোমবাৰে পোনতে দেওমৰনৈ চি এইচ চিলৈ নিয়া হৈছিল ৷ কিন্তু চিকিৎসালয়খনত বিশেষ পৰীক্ষা সম্ভৱ নোহোৱাত পাছলৈ মঙলদৈ চিভিলত অনা হয় ৷ মাত্র ৪ দিন পূর্বে মুম্বাইৰ পৰা উভতি অহা যুৱকজনক মঙলদৈ চিভিলত তেজ পৰীক্ষাৰ বাবে নমুনা লোৱা হৈছে যদিও বহু সময় চিকিৎসালয়ত অপেক্ষা কৰিব লগা হয় ৷ তেজৰ নমুনা পৰীক্ষাৰ পিছতে যুৱকজনক জনাৰামচৌকা আদর্শ চিকিৎসালয়লৈ কোৱাণ্টাইনৰ বাবে বিশেষভাৱে লৈ যোৱাৰ দিহা কৰা হয় ৷
দুদিন পূর্বে বাংগালুৰুৰ পৰা উভতি অহা এক পৰিয়ালক লৈ সোমবাৰে দিনত মঙলদৈ উদয় নগৰত ব্যাপক প্রতিক্রিয়াৰ সৃষ্টি হয় ৷ স্থানীয় ৰাইজে ৰে’লযোগে অহা পৰিয়ালটোক বাৰে বাৰে চিকিৎসালয়ত যোৱাৰ পৰামর্শ দিয়ে যদিও নিজেই সুস্থতাৰ দোহাই দি ৰাইজক বিমুখ কৰে ৷ পাছলৈ আৰক্ষীৰ ওচৰ চাপে ৰাইজ ৷ একেদৰে দৰঙৰ চেঙেলীয়া আৰু বালিপোতাৰ দুটা দল পুৰীৰ পৰা তীর্থ ভ্রমণ কৰি অহাৰ পিছত কোনো ধৰণৰ স্বাস্থ্য পৰীক্ষা নকৰোৱাক লৈ দুয়োটা এলেকাৰ ৰাইজৰ মাজত প্রতিক্রিয়াৰ সৃষ্টি হয় ৷ কেৰালাৰ পৰা উভতি অহা চেঙেলীয়াপাৰাৰ আন এটা যুৱকৰ দল উভতি অহাৰ পিছত মুকলিমূৰীয়াকৈ ঘূৰি ফুৰা আৰু নিশাৰ ভাগত খানা খোৱাক লৈ ৰাইজৰ মাজত প্রতিক্রিয়াৰো সৃষ্টি হৈছে ৷ ৰাইজৰ দাবী স্বাস্থ্য পৰীক্ষা নকৰোৱাকৈ এনে গতিবিধি দুর্ভাগ্যজনক ৷
মন কৰিবলগীয়া যে মঙলদৈ ভেবাৰঘাট বাছ আস্থানত বহিঃৰাজ্যৰ পৰা উভতি অহা কেইবাজনো যুৱক গৃহাভিমুখী হোৱাৰ বাবে যান–বাহন ভাৰা কৰি থকা পৰিলক্ষিত হয় ৷ এইসকলে নিজাববীয়াকৈ চিকিৎসালয়লৈ নগ’লে কোনে ধৰি–বান্ধি নিব সেয়াহে এতিয়া চিন্তনীয় বিষয় ৷ ইপিনে দৰঙৰ ভিন্ন প্রান্তত আজিও কার্ফিউসদৃশ পৰিৱেশে বিৰাজ কৰে৷ ঔতলা, জলজলি, জনাৰামচৌকা, ডাঁহী, বেজপাৰা, আউলাচৌকা আদি সকলোতে দোকান–পোহাৰ বন্ধ থাকে৷ বিপৰীতে মঙলদৈ চহৰৰ কৰিমচ’কত ২খনকৈ গেলামাল দোকানত গ্রাহকে হেতা–ওপৰা লগায়৷ লকডাউনৰ আশংকাতে এনেদৰে হেতা–ওপৰা লগায় যদিও প্রশাসনে এনেদৰে ভয় নাখাবলৈ সকীয়াই দিছে ৷