নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মূল্যবৃদ্ধিৰ বাবে ৰাইজক সকাহ দিবলৈ হাতত লোৱা হৈছে পৰিকল্পনাঃ মুখ্যমন্ত্রী

নিয়মীয়া বাৰ্তা, ৬ এপ্ৰিলঃ ইন্ধনজাত সামগ্রীৰ লগতে নির্মাণ সামগ্রীৰ মূল্যবৃদ্ধিক লৈ ৰাজ্য চৰকাৰ চিন্তিত বুলি মন্তব্য কৰে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ খানাপাৰাত মঙলবাৰে জিলা উপায়ুক্তসকলৰ সৈতে হোৱা বৈঠকৰ পাছতে ৰাজ্য চৰকাৰৰ উদ্বিগ্নতাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয়– দাম বৃদ্ধিৰ এই দুয়োটা বিষয় এতিয়া চিন্তাৰ কাৰণ হৈ আছে৷ বিগত বর্ষতো মূল্যবৃদ্ধি হ্রাস কৰাৰ ক্ষেত্রত চৰকাৰে ব্যৱস্থা গ্রহণেৰে যথেষ্ট সফল হৈছিল৷ কেন্দ্রীয় চৰকাৰেও এইক্ষেত্রত কাম কৰি আছে৷ ৰাজ্য চৰকাৰৰ ওপৰত কেন্দ্রীয় চৰকাৰে দাম হ্রাস কৰাৰ বাবে যিধৰণৰ ব্যৱস্থা গ্রহণৰ দায়িত্ব অর্পণ কৰে, তাক কৰা হ’ব৷ মই নিশ্চিত যে আমি সফল হ’ম৷ ৰাইজক সকাহ দিয়াৰ বাবে ব্যৱস্থা হাতত লোৱা হৈছে বা হাতত লোৱাৰ পৰিকল্পনা চলি আছে৷

You might also like