নিয়মীয়া বাৰ্তা, ২৪ ফেব্ৰুৱাৰীঃ বঙাইগাঁও জিলাৰ অভয়াপুৰী স্বাস্থ্য কেন্দ্ৰৰ সমূহীয়া প্ৰেক্ষাগৃহত জিলা মৃত্যুঞ্জয় ১০৮ সেৱাৰ কৰ্মচাৰীৰ মাজত সোমবাৰে এখনি সজাগতা সভা অনুষ্ঠিত হয় । উক্ত সজাগতা সভাত মৃত্যুঞ্জয় ১০৮ বাহনত ৰোগীৰ লগতে ৰোগীৰ অভিভাৱক সকলক কেনেধৰণৰ ব্যৱহাৰ কৰিব লাগে আৰু ৰোগী জনক কেনেকৈ এখন হাস্পতালৰ পৰা আন এখন হাস্পতাললৈ লৈ যোৱাৰ সময়ত কি কি সাৱধানতা অবলম্বন কৰিব লাগে সেই সম্বন্ধেও কৰ্মচাৰীৰ মাজত সজাগতা সৃষ্টিৰ এক প্ৰয়াস গ্ৰহণ কৰে ।
উক্ত সজাগতা সভাত জুই কেনেকৈ নিবাৰ্পন কৰিব লাগে আৰু কেনেকৈ কৰিব পাৰি তাৰ ওপৰতো বিশেষ ভাৱে প্ৰশিক্ষণ দিয়া হয় । প্ৰশিক্ষণত উপস্থিত থাকে মৃত্যুঞ্জয় ১০৮ সেৱাৰ জিলা ই এম ই মিজানুৰ আহেমেদ আৰু প্ৰজেক্ট মেনেজাৰৰ লগতে জিলা বাহন নিৰীক্ষক ।