মেঘালয়ৰ পৰা দৈনিক ট্রাকে ট্রাকে অবৈধ শিল সৰবৰাহ
ৰাজ্যত অব্যাহত বনজ সম্পদৰ বেহাঃ নথিপত্ৰবিহীন শিলভৰ্তি ৫ বাহন জব্দ
নিয়মীয়া বাৰ্তা ৪ ফেব্ৰুৱাৰীঃ বন বিভাগৰ কঠোৰ ব্যৱস্থাক অংগুষ্ঠ প্রদর্শনেৰে ৰাজ্যত মাফিয়া চক্রই অব্যাহত ৰাখিছে বনজ সম্পদৰ চোৰাং বেহা৷ আন প্রান্তৰ কথা বাদেই, মেঘালয়ৰ পৰা খোদ গুৱাহাটী মহানগৰীৰ মাজেৰে কাঠৰ অবৈধ সৰবৰাহ চলি থকাটো ইতিমধ্যে বন বিভাগৰ অভিযানতে স্পষ্ট হৈছে৷ বিগত সময়ছোৱাত নথি–পত্র অবিহনে মাফিয়া চক্রই মেঘালয়ৰ পৰা অনা বহুকেইখন কাঠভর্তি গাড়ী জব্দ কৰিছে বন বিভাগৰ অভিযানকাৰী দলে৷ কাঠৰ সমান্তৰালভাৱে এইবাৰ চক্রটোৱে মেঘালয়ৰ পৰা শিলৰ অবৈধ সৰবৰাহত নামি পৰিছে৷ জানিব পৰা মতে, অসম সীমান্তৱর্তী মেঘালয়ৰ অন্তর্গত এলেকাত স্থানীয় একাংশ লোকক টকাৰে মেনেজ কৰি কমেও ১৫টা ক্রেছাৰ মেচিন স্থাপন কৰিছে৷ এই মেচিনকেইটাত দিনে–নিশাই শিল ভাঙি ধ্বংস কৰি পেলোৱা হৈছে মেঘালয়ৰ সেউজ পাহাৰ৷ পৰিৱেশৰ প্রতি তীব্র ভাবুকি সৃষ্টি কৰা এই কার্যত মেঘালয় চৰকাৰৰ বন বিভাগৰ একাংশ অর্থলোভী বিষয়াৰ পৃষ্ঠপোষকতা থকাৰ গুৰুতৰ অভিযোগ উঠিছে৷ অবৈধ ক্রেছাৰ মেচিনত ভঙা শিল দৈনিক নথি–পত্র অবিহনে সৰবৰাহ কৰা হয় গুৱাহাটী আৰু ইয়াৰ সংলগ্ণ এলেকাসমূহলৈ৷ মাফিয়া চক্রটোৰ এনে দুষ্কার্যৰ ফলত অসম আৰু মেঘালয় উভয় চৰকাৰে হেৰুৱাবলগীয়া হৈছে বৃহৎ পৰিমাণৰ ৰাজহ৷ প্রথমাৱস্থাত মেঘালয়ৰ পৰা কাঠ আৰু শিলৰ অবৈধ সৰবৰাহৰ বাবে চক্রটোৱে বাছি লৈছিল কিলিং–ন–মাইল পথ৷ কিন্তু চোৰাং বেহাৰ বিষয়টোক লৈ ব্যাপক চর্চা হোৱাত মেঘালয় চৰকাৰে এই পথছোৱাত চিচি টিভি কেমেৰা সংস্থাপন কৰে৷ ইয়াৰ পাছতে চক্রটোৱে বিকল্প হিচাপে ১৩ মাইল–যোৰাবাট পথটো ব্যৱহাৰ কৰিবলৈ লয়৷ বিগত প্রায় দুমাহ ধৰি মেঘালয়ৰ পৰা যোৰাবাট হৈ গুৱাহাটী তথা ইয়াৰ সংলগ্ণ এলেকালৈ চক্রটোৱে নীতি বহির্ভূতভাৱে শিল সৰবৰাহ কৰি আহিছে৷ এনেদৰে মেঘালৰ পৰা অনা শিলভর্তি ৫খনকৈ ট্রাক আজি আৰু কালি বন বিভাগে জব্দ কৰিবলৈ সক্ষম হয়৷ জানিব পৰা মতে, মেঘালয়ৰ পৰা অবৈধ শিল কঢ়িয়াই অনা চাৰিখন ট্রাক যোৰাবাট হৈ গুৱাহাটীত প্রৱেশ কৰিবলৈ লওঁতে খানাপাৰাত খণ্ড বন বিষয়া প্রহ্লাদ গায়নৰ নেতৃত্বত এটা অভিযানকাৰী দলে জব্দ কৰে৷ জব্দ কৰা অবৈধ শিলভর্তি ট্রাককেইখনৰ নম্বৰ হ’ল– এ এছ–০১ কে চি–০৫৪৪, এ এছ–০১ কে চি–৫৭২৭, এ এছ–০১ এল চি–২৪০০ আৰু এ এছ–০১ জে চি–৭১৬২৷ বন বিভাগে জব্দ কৰিবলৈ সক্ষম হোৱা শিলখিনিৰ বজাৰ মূল্য ১.৪০ লাখ টকা হ’ব৷ অর্থাৎ একোখন ট্রাকত মেঘালয়ৰ পৰা ৪০ হাজাৰ টকা মূল্যৰ শিল অবৈধভাৱে কঢ়িয়াই আনে৷ নিশাৰ এই অভিযানৰ পাছতে আজি পুৱাৰ ভাগত জালুকবাৰীত পুনৰ মেঘালয়ৰ পৰা অনা অবৈধ শিলভর্তি এখন ট্রাক জব্দ কৰে বন সুৰক্ষা বাহিনীৰ দলে৷ এই কথাই প্রতীয়মাণ কৰিছে চুবুৰীয়া ৰাজ্যখনৰ পৰা অসমলৈ কি হাৰত অবৈধ শিলৰ চোৰাং সৰবৰাহ চলি আছে৷ সমগ্র বিষয়টোৰ বিৰুদ্ধে বনমন্ত্রী পৰিমল শুক্লবৈদ্য তথা বিভাগীয় ঊর্ধ্বতন কর্তৃপক্ষই তাৎক্ষণিকভাৱে কেনেধৰণৰ ব্যৱস্থা গ্রহণ কৰে, সেয়া লক্ষণীয় হ’ব৷