নিয়মীয়া বাৰ্তা, ৪ মে’ : মহামাৰী ক’ৰোনা ভাইৰাছৰ ভয়াৱহ প্রাদুর্ভাৱৰ বাবে স্থবিৰ হৈ থকা দেশৰ ক্রীড়াক্ষেত্র ক্রমান্বয়ে পুনৰ আৰম্ভ কৰাৰ চিন্তা–চর্চা কৰিছে কেন্দ্রীয় ক্রীড়া মন্ত্রালয়ে ৷ কেন্দ্রীয় ক্রীড়ামন্ত্রী কিৰেণ ৰিজিজুৱে দেওবাৰে এই ইংগিত দি ঘোষণা কৰে যে চলিত মাহৰ শেষৰ ফালে অলিম্পিকলৈ যোগ্যতা অর্জন কৰা অথবা অলিম্পিক কোৱালিফিকেচন ৰাউণ্ড খেলিবলগীয়া খেলুৱৈসকলৰ প্রস্তুতি শিবিৰ পুনৰ আৰম্ভ কৰা হ’ব ৷ অহা বর্ষৰ টকি’ অলিম্পিকৰ প্রতি লক্ষ্য ৰাখি ক্রীড়া মন্ত্রালয়ে খেলুৱৈসকলৰ ক্ষেত্রত প্রতিবন্ধকতা কিছু পৰিমাণে শিথিল কৰি ৰাষ্ট্রীয় প্রস্তুতি শিবিৰ আৰম্ভ কৰাৰ যো–জা চলাইছে বুলি তেওঁ উল্লেখ কৰে৷ ‘ৰাষ্ট্রীয় শিবিৰসমূহ পর্যায়ক্রমে আমি আৰম্ভ কৰাৰ চিন্তা–চর্চা কৰিছোঁ৷ আৰম্ভণিতে আমি পাটিয়ালাস্থিত এন আই এছ আৰু বাংগালুৰুস্থিত ছাই কেন্দ্রত প্রস্তুতি শিবিৰ আৰম্ভ কৰিম৷ চলিত মাহৰ শেষৰ পৰা এই দুয়োটা শিবিৰ পুনৰ আৰম্ভ হোৱাৰ সম্ভাৱনা আছে৷ অৱশ্যে অলিম্পিকলৈ যোগ্যতা অর্জন কৰা অথবা অলিম্পিক কোৱালিফিকেচন খেলিবলগীয়া খেলুৱৈসকলৰ বাবেহে এই শিবিৰ মুকলি কৰা হ’ব৷ অলিম্পিকলৈ যোগ্যতা অর্জন নকৰা খেলুৱৈ অথবা অলিম্পিকত অন্তর্ভুক্ত নোহোৱা ইভেণ্টৰ খেলুৱৈসকলে প্রস্তুতি শিবিৰৰ বাবে অতি কমেও ছেপ্ঢেম্বৰ–ক্টোবৰল্ অপেক্ষা কৰিব লাগিব৷’ ক্রীড়ামন্ত্রী ৰিজিজুৱে এইদৰে কয়৷ উল্লেখ্য যে মহামাৰী ক’ৰোনা ভাইৰাছৰ প্রাদুর্ভাৱ নিয়ন্ত্রণৰ বাবে সম্প্রতি দেশত তৃতীয় পর্যায়ৰ লকডাউন চলি আছে৷ এই ভাইৰাছে ইতিমধ্যে ভাৰতত ১৩০০ৰো অধিক লোকৰ প্রাণ কাঢ়ি নিছে আৰু প্রায় ৪০ হাজাৰ লোকক সংক্রমিত কৰিছে৷ দেশত ক’ভিড–১৯ৰ প্রাদুর্ভাৱ বৃদ্ধিৰ পৰিপ্রেক্ষিতত যোৱা মার্চৰ আৰম্ভণিৰে পৰা দেশৰ ক্রীড়া মন্ত্রালয়ে ৰাষ্ট্রীয় প্রশিক্ষণ শিবিৰসমূহ অনির্দিষ্টকাললৈ বাতিল কৰিছিল৷ ইফালে, দেশত ক্রীড়া ইভেণ্ট পুনৰ আৰম্ভ হ’বলৈ দীঘলীয়া সময়ৰ প্রয়োজন হ’ব বুলি কেন্দ্রীয় ক্রীড়ামন্ত্রীগৰাকীয়ে আজি উল্লেখ কৰে ৷ তেওঁ কয় যে মহামাৰীৰ প্রাদুর্ভাৱ সম্পূর্ণৰূপে নিয়ন্ত্রণলৈ নহা পর্যন্ত ক্রীড়ানুৰাগীয়ে খেলপথাৰত ক্রীড়া ইভেণ্ট প্রত্যক্ষ কৰিব পাৰিব বুলি ক’ব নোৱৰি৷ ইয়াৰ বাবে কিছু অপেক্ষা কৰিব লাগিব ৷