মে’ মাহতো সম্পূৰ্ণ দৰমহা পাব ৰাজ্যৰ কৰ্মচাৰীয়ে
নিয়মীয়া বাৰ্তা, ২৯ এপ্ৰিলঃ ৰাজ্যৰ কৰ্মচাৰীলৈ সুখবৰ। অসমত মে’ মাহতো সম্পূৰ্ণ দৰমহা পাব ৰাজ্যৰ কৰ্মচাৰীয়ে। সংবাদমেলত এই মন্তব্য বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। ১ মে’ৰ পৰিবৰ্তে ৮ মে’ত দৰমহা পাব কৰ্মচাৰীসকলে। আনহাতে অসমৰ বাদে দেশৰ প্ৰায়কেইখন ৰাজ্যই দৰমহা কৰ্তনৰ সিদ্ধান্ত লৈছে। মহাৰাষ্ট্ৰৰ চৰকাৰে ৬০শতাংশ দৰমহা কৰ্তন কৰিছে কৰ্মচাৰীসকলৰ। তেলেংগানাত IAS আৰু IPSসকলৰ দৰমহা ৬০ কৰ্তন কৰা উপৰিও সাধাৰণ কৰ্মচাৰীৰ ৫০ শতাংশ দৰমহা কৰ্তন কৰা হৈছে। ৰাজস্থান, উৰিষ্যা, অন্ধ্ৰপ্ৰদেশত, কৰ্ণাটক দৰমহা কৰ্তনৰ চিন্তা-চৰ্চা অব্যাহত আছে বুলি মন্তব্য কৰে মন্ত্ৰী ড০ শৰ্মাই।
আনহাতে লক ডাউনৰ বাবে বন্ধ হৈ পৰা বাণিজ্যৰ বাবে দেশৰ কৰ সংগ্ৰহ অতি নিম্নমানৰ হৈছে ২০১৯ চনৰ এপ্ৰিল মাহত ৰাজ্যৰ SGSTৰ পৰিমাণ আছিল ৪০৬ কোটি টকা আনহাতে ২০২০ বৰ্ষৰ ৰাজ্যই লাভ কৰা SGSTৰ পৰিমাণ হ’ল মাত্ৰ ৬৭ কোটি টকা। তেনে বিষম পৰিস্থিতিটো অসমৰ কৰ্মচাৰীসকলক দৰমহা দিবলৈ প্ৰস্তুত ৰাজ্য চৰকাৰ।