নিয়মীয়া বার্তা, ১৮ এপ্রিলঃ মৰিগাঁও জিলাৰ লাহৰীঘাটত আৰু দুজন ক’ৰোনা ৰোগী চিনাক্ত হোৱাত সংক্রমণৰ প্রতি লক্ষ্য ৰাখি অধিক সতর্কতামূলক ব্যৱস্থা গ্রহণ কৰিছে জিলাখনৰ সীমামূৰীয়া নগাঁও জিলা প্রশাসনে ৷ মৰিগাঁও জিলাখন ৰেড জ’নৰ অন্তর্ভুক্ত হোৱাত জিলাখনৰ সীমামূৰীয়া মৈৰাবাৰীৰ দিশৰ পৰা যাতে কোনো লোকৰে নগাঁও জিলাখনলৈ প্রৱেশ নঘটে, তাৰবাবে শুকুৰবাৰে দিনৰ ভাগত নগাঁও জিলাৰ ধিং আৰক্ষীৰ এটা দলে মৈৰাবাৰী ব্লক কার্যালয়ৰ সন্মুখভাগত অস্থায়ী বেৰিকেড সাজি অত্যাৱশ্যকীয় সামগ্রীসমূহৰ বাহিৰে সকলোধৰণৰ যান–বাহনৰ চলাচল আৰু বাহিৰা মানুহৰ প্রৱেশ নিষিদ্ধ কৰিছে ৷
Next Post