মোদী কেবিনেটৰ ঐতিহাসিক সিদ্ধান্ত: দেশৰ ৫০ লাখ পদপথৰ ব্যৱসায়ীলৈ ঋণ
নিয়মীয়া বার্তা, ২ জুনঃ মহামাৰী ক’ৰোনা ভাইৰাছ সংকটৰ মাজতে আজি প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ অধ্যক্ষতাত দ্বিতীয়টো কার্যকালৰ দ্বিতীয় বর্ষৰ প্রথমখন কেবিনেট বৈঠক অনুষ্ঠিত হয়৷ কঠোৰ পৰিশ্রমী কৃষক, অতি ক্ষুদ্র, ক্ষুদ্র আৰু মজলীয়া উদ্যোগ খণ্ড আৰু পদপথৰ দোকানীৰ জীৱিকা নিশ্চিতিৰ বাবে কেইবাটাও গুৰুত্বপূর্ণ সিদ্ধান্ত এই কেবিনেট বৈঠকত গ্রহণ কৰা হয়৷ এক ঐতিহাসিক সিদ্ধান্তত পি এম স্বনিধিৰ অধীনত পদপথৰ দোকানীক প্রথমবাৰৰ বাবে ঋণ প্রদানৰ সুবিধা দিয়া হ’ব৷ কেন্দ্রীয় গৃহ আৰু নগৰ পৰিক্রমা মন্ত্রালয়ে মুকলি কৰা স্পেচিয়েল মাইক্র’ ক্রেডিট ফেচিলিটী স্কীম–পি এম স্বনিধি–পি এম ষ্ট্রীট ভেণ্ডর্ছ আত্মনির্ভৰ নিধিৰ জৰিয়তে দেশৰ ৫০ লাখতকৈ অধিক পদপথৰ দোকানীকে ধৰি হকাৰ, ঠেলাৱালা আদিক এই আঁচনিত অন্তর্ভুক্ত কৰি লোৱা হ’ব৷ এই আঁচনিৰ অধীনত শাক–পাচলি, ফলমূল বিক্রেতা, চাহ, পোকৰা, ৰুটী, কণী, বস্ত্র সামগ্রী, জোতা, গ্রন্থ/ষ্টেচনাৰী সামগ্রী বিক্রী কৰোঁতাও অন্তর্ভুক্ত হ’ব৷
তদুপৰি এই সেৱাত চেলুন, মুচী, পাণদোকান, ধোবীও অন্তর্ভুক্ত হ’ব৷ আঁচনিৰ অধীনত এনে পদপথৰ দোকানীসকলক মূলধনী পুঁজি হিচাপে ১০ হাজাৰ টকা ঋণ হিচাপে আগবঢ়োৱা হ’ব আৰু এই ঋণ মাহিলি হিচাপে ধাৰ মাৰি বছৰত সমাপ্ত কৰিব লাগিব৷ বার্ষিকভাৱে এই ঋণৰ সুদৰ হাৰ হ’ব ৭ শতাংশ৷ দেশৰ ইতিহাসত প্রথমবাৰৰ বাবে মোদী ২.০ চৰকাৰে পদপথৰ দোকানীক লৈ এনে সিদ্ধান্ত গ্রহণ কৰাৰ লগতে অতি ক্ষুদ্র, ক্ষুদ্র আৰু মজলীয়া উদ্যোগ খণ্ডৰ সংজ্ঞা ১৪ বছৰৰ পাছত সলনি কৰা হয়৷ দেশৰ অর্থনীতিৰ মেৰুদণ্ডস্বৰূপ এম এছ এম ই খণ্ডক উজ্জীৱিত কৰাৰ লক্ষ্যৰে সংশোধিত সংজ্ঞা অনুসৰি অতি ক্ষুদ্র উদ্যোগৰ ক্ষেত্রত বিনিয়োগ এক কোটিলৈ আৰু বার্ষিক আয়–ব্যয়ৰ ৫ কোটিলৈ বৃদ্ধি কৰা হৈছে৷ তেনেদৰে ক্ষুদ্র উদ্যোগৰ সীমা বিনিয়োগৰ ক্ষেত্রত ১০ কোটি আৰু বার্ষিক আয়–ব্যয় ৫০ কোটিলৈ বৃদ্ধি কৰা হৈছে৷
আনপিনে, মজলীয়া উদ্যোগৰ ক্ষেত্রত বিনিয়োগ ২০ কোটিলৈ বৃদ্ধি কৰাৰ লগতে বার্ষিক আয়–ব্যয় ১০০ কোটিলৈ বৃদ্ধি কৰা হৈছে৷ ১৪ বছৰৰ পাছত এম এছ এম ই উন্নয়ন আইনখনৰ ক্ষেত্রত সংশোধিত ৰূপ দি কেন্দ্রীয় চৰকাৰে এই ঐতিহাসিক সিদ্ধান্ত গ্রহণ কৰে৷ সিদ্ধান্তমর্মে এম এছ এম ই উদ্যোগৰ ইকুইটীক সমর্থনৰ বাবে ২০ হাজাৰ কোটি টকা ঋণ হিচাপে আগবঢ়োৱাৰ প্রস্তাৱ লোৱা হয়৷ এই ঋণৰ বাবেই দুই লাখ এম এছ এম ইৰ ব্যৱসায়ী লাভান্বিত হ’ব৷ তদুপৰি ডিজিটেল লেনদেন উৎসাহিত কৰাৰ বাবে সিদ্ধান্ত গ্রহণ কৰা হয়৷ লক্ষণীয় যে কঠোৰ পৰিশ্রমী কৃষকক উৎসাহিত কৰাৰ লক্ষ্যৰে ২০২০–২১ বর্ষত খাৰিফ শস্যৰ এম এছ পি (নূ্যনতম সমর্থন মূল্য) উৎপাদন ব্যয়ৰ ডেৰ গুণ বৃদ্ধি কৰা হ’ব৷
উল্লিখিত বর্ষটোত খাৰিফ শস্যৰ ১৪ বিধত এম এছ পি ৫০ৰ পৰা ৮৩ শতাংলৈ বৃদ্ধি কৰা হৈছে৷ কৃষিৰ কাৰণে অগ্রিম লোন তিনি লাখলৈ বৃদ্ধি কৰি এই ঋণ আদায়ৰ তাৰিখ ৩১ আগষ্টলৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্রহণ কৰা হৈছে এই বৈঠকত৷