মোদী পথাৰৰ ২০ বিঘা ভূমি আগবঢ়াব গংগাধৰ কটকীয়ে
ক'ৰোনাঃ চিকিতসালয় নিৰ্মাণৰ বাবে ভূমি দিয়াৰ প্ৰস্তাৱ গহপুৰৰ ব্যৱসায়ীৰ
নিয়মীয়া বাৰ্তা ৩০ মাৰ্চঃ বিশ্বব্যাপি সংসাৰী ৰূপ ধাৰণ কৰা মৰাত্মক ক’ৰোনা ভাইৰাছ সংক্ৰমণ প্ৰতিৰোধৰ বাবে স্বাস্থ্য বিভাগে অব্যাহত ৰখা অবিৰত সংগ্ৰামৰ প্ৰতি সঁহাৰি জনাই চিকিৎসালয় স্থাপনৰ বাবে ২০ বিঘা ভূমি আগবঢ়াইছে গহপুৰৰ আদৰ্শ কৃষক, সমাজসেৱক তথা প্ৰতিষ্ঠিত ব্যৱসায়ী গংগাধৰ কটকীয়ে। গহপুৰ মহকুমাৰ ব্ৰহ্মাজান নিৱাসী গংগাধৰ কটকীয়ে মহকুমাটোৰ হেলেম ৰাজহ চক্ৰৰ ব্ৰহ্মাজান মৌজাৰ অন্তৰ্গত বৰঙাবাৰীৰ ৫৮ নং পট্টাৰ ১২৫ নং দাগৰ গংগা এডুকেচনেল ছচাইটিৰ নামত থকা ভূমিৰ ২০ বিঘা চিকিৎসালয় নিৰ্মাণৰ বাবে আগবঢ়াব বুলি দেওবাৰে সংবাদ মাধ্যমৰ আগত ঘোষণা কৰে। বৰ্তমান ক’ৰোনা ভাইৰাছৰ ভয়াৱহতাৰ সময়ত গহপুৰ মহকুমাত এখন অত্যাধুনিক চিকিৎসালয়ৰ অতি প্ৰয়োজন আছে বুলি উল্লেখ কৰি কটকীয়ে কয় যে দৰকাৰ হলে আৰু অধিক ভূমি আগবঢ়াবৰ বাবেও তেওঁ আৰু তেওঁৰ পৰিয়ালবৰ্গ সাজু আছে। এনে সংকটৰ মুহূৰ্তত চৰকাৰক যথাসাধ্য সহায়ৰ হাত আগবঢ়াবৰ বাবেও কটকীয়ে সকলোকে বিনম্ৰ আহ্বান জনায়। উল্লেখ্য যে বৰঙাবাৰীৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত থকা উক্ত ভূমি তথা পথাৰখনতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে যোৱা লোকসভা নিৰ্বাচনৰ সময়ত এখন বিশাল নিৰ্বাচনী সভাক ৰাইজক সম্বোধন কৰিছিল। তেতিয়াৰে পৰা উক্ত পথাৰখন মোদী পথাৰ নামেৰে জনাজাত হৈ পৰিছিল। এতিয়া উক্ত মোদী পথাৰৰে ২০ বিঘা ভূমি গংগাধৰ কটকীয়ে চিকিতসালয় নিৰ্মাণৰ বাবে আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে।