নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মোনাবাৰী চাহ বাগিচাত গঁড়ৰ মুক্ত বিচৰণ

নিয়মীয়া বাৰ্তা, ৬ ফেব্ৰুৱাৰীঃ বিশ্বনাথৰ মোনাবাৰী চাহ বাগিচাত বৃহস্পতিবাৰে পুৱাই প্ৰৱেশ কৰে এটা গঁড়ে । কাজিৰঙাৰ পৰা চাহ বাগিচাখনত প্ৰৱেশ কৰা গঁড়টো এতিয়া আবদ্ধ হৈ পৰিছে জনাঞ্চলত । ইফালে, গঁড়ৰ বিচৰণৰ পাচতেই স্বচক্ষে চোৱাৰ মানসেৰে এতিয়া মোনাবাৰী বাগিচাত বহুলোক উপস্থিত হোৱাৰ লগতে আতংকিত হৈ পৰিছে স্থানীয় ৰাইজ ।

উল্লেখ্য যে, গঁড়টো বাগিচাখনৰ পৰা উলিয়াই পঠোৱাৰ বাবে মোনাবাৰী চাহবাগিচাত উপস্থিত হৈছে বন বিভাগৰ লোক । বনবিভাগৰ লোকে খেদি পঠোৱাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে যদিও বৰ্তমানলৈকে গঁড়টো ওলাই যোৱা নাই বাগিচাখনৰ পৰা ।

You might also like