নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মোৰ সংগীত যাত্ৰা এইবাৰ ‘কা’ৰ বিৰুদ্ধে

নিয়মীয়া বাৰ্তা ২৫ ডিচেম্বৰঃ ‘বিগত পঁচিশ বছৰে মই গীতকেই গাই আহিলোঁ৷ কিন্তু মোৰ এইবাৰৰ সংগীত যাত্রা হ’ব ‘কা’ৰ বিৰুদ্ধে৷’ –এই মন্তব্য অসমৰ ইমূৰৰ পৰা সিমূৰলৈ ৰাজ্যখনৰ শিল্পী সমাজৰ সহযোগত ‘কা’ৰ বিৰুদ্ধে গীত–মাত আৰু নিজস্ব শৈলীৰ ভাষণেৰে বর্তমান ‘কা’বিৰোধী আন্দোলনৰ এগৰাকী অগ্রণী ৰণুৱা হিচাপে পৰিগণিত শিল্পী জুবিন গার্গৰ৷ মঙলবাৰৰ দিনৰ প্রায় ১ বজাত সৰুপেটাৰ সমীপৰ গঢ়াপিত পথাৰত উপস্থিত হৈ ‘কা’বিৰোধী আন্দোলনৰ অন্যতম অংশ হিচাপে ভৱানীপুৰ সমষ্টিৰ বিভিন্ন দল–সংগঠনৰ লগতে ৰাইজৰ সহযোগত আয়োজিত প্রতিবাদী গণ সমাৱেশত ভাগ লৈ শিল্পীগৰাকীয়ে সমৱেত ৰাইজক ‘কা’ বাতিলৰ বাবে মৰণপণ যুঁজত অংশগ্রহণ কৰিবলৈ আহ্বান জনায়৷ মঞ্চত উপস্থিত হোৱাৰ পিছতে শিল্পীগৰাকীক গণসমাৱেশৰ অন্যতম আহ্বায়ক কিশোৰ বৰুৱাই এখন ফুলাম গামোচাৰে আদৰণি জনায়৷ অৱশ্যে পৰম হর্ষোল্লাসেৰে শিল্পীগৰাকীৰ উপস্থিতিক ৰাইজে স্বাগতম জনালেও শিল্পীগৰাকীৰ কিছু আচৰণে ৰাইজক অসন্তুষ্ট কৰি তোলাও পৰিলক্ষিত হয়৷ বিশেষকৈ কলিতা জনগোষ্ঠীৰ স্থানীয় সংগঠনটোৱে তেওঁলোকৰ চেনেহৰ শিল্পীগৰাকীক গামোচাৰে আদৰণি জনোৱাৰ মুহূর্তত শিল্পীগৰাকীৰ আচৰণে তেওঁলোকক ক্ষুব্ধ কৰি তোলা পৰিলক্ষিত হয়৷ আনহাতে গণ সমাৱেশত চলিত বর্ষৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ যুৱ মহোৎসৱ উপলক্ষে অনুষ্ঠিত বত্তৃণতা প্রতিযোগিতাৰ শ্রেষ্ঠ বক্তাৰ খিতাপ লাভ কৰা কস্তুৰী চুতীয়াই ভাষণ দি ‘ভাৰত গণৰাজ্য এক কর্প’ৰেট গোষ্ঠী নহয়’ বুলি মন্তব্য কৰে৷ কিন্তু বিজেপি দল আৰু তেওঁলোকৰ সহযোগীসকলে ভাৰতবর্ষক এক কর্প’ৰেট গোষ্ঠী হিচাপেহে গণ্য কৰি আহিছে৷ তেওঁ কয়–‘কা’ৰ ৰূপায়ণ সম্ভৱ হৈ উঠিলে আমাৰ ৰাজনীতি, ভাষা, অর্থনীতি আৰু সাংস্কৃতিক দিশৰ ওপৰত মোক্ষম আঘাত পৰিব৷ কিন্তু অতি দুখৰ কথা, এই প্রশ্ণৰ উত্তৰ দিবলৈ তেওঁলোকৰ হাতত আজি সময় নাই৷ কাৰণ, বর্তমান তেওঁলোকৰ কাণ, মূৰ আগুৰি আছে এক ৰঙীন টুপীয়ে৷ তেওঁলোকে বর্তমান সংৰক্ষণৰ ৰাজনীতি কৰি সবলীকৰণৰ ফালে পিঠি দিছে৷ সমাৱেশৰ আন এগৰাকী বক্তা কটন বিশ্ববিদ্যালয়ৰ ছাত্র একতা সভাৰ সাধাৰণ সম্পাদক ৰাহুল বৰদলৈয়ে ছাত্র সমাজৰ জৰিয়তে কটন বিশ্ববিদ্যালয় চৌহদৰ পৰাই এই আন্দোলন আৰম্ভ হোৱা বুলি কয়৷ সমাৱেশত কটন বিশ্ববিদ্যালয়ৰ ছাত্র একতা সভাৰ উপ–সভাপতি মনীষা ডেকা, কটন বিশ্ববিদ্যালয়ৰ ছাত্র নিয়ৰ ডেকা, হূষীকেশ মেধি আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা শ্বাহ নেৱাজেও ভাষণ দিয়ে৷ আনহাতে মঙলবাৰৰ গণ সমাৱেশত পাঠশালা আঞ্চলিক ছাত্র সন্থাৰ সভাপতি বিশ্বজিৎ গাংগুলি আৰু জাতীয়তাবাদী যুৱ ছাত্র পৰিষদৰ বজালী জিলা সমিতিৰ সভাপতি মৃদুল তালুকদাৰেও ‘কা’বিৰোধী বত্তৃণতা প্রদান কৰে৷ আনহাতে গণ সমাৱেশত ৰাজ্যখনৰ প্রবীণ জনপ্রিয় শিল্পী সূর্য দাসৰ লগতে অনুপম শইকীয়া, ভিতালী দাস আৰু বাবু বৰুৱায়ো গীত–মাতেৰে সমাৱেশত অংশগ্রহণ কৰে৷ ‘সুধাকণ্ঠ’ ড০ ভূপেন হাজৰিকাৰ ‘আহ আহ ওলাই আহ…’ গীতেৰে আৰম্ভ কৰা সংগীতানুষ্ঠানত অংশগ্রহণকাৰী শিল্পীসকলে ঘাইকৈ দেশপ্রেমমূলক গীত পৰিৱেশন কৰে৷ আনহাতে অনুষ্ঠানত ৮২ বছৰীয়া শিল্পী সূর্য দাসৰ অনবদ্য গীত–মাতৰ পৰিৱেশনে উপস্থিত ৰাইজক গভীৰভাৱে ভবাই তোলাও পৰিলক্ষিত হয়৷

You might also like