নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ম্যাদ উকলা মথাউৰি সবলীকৰণৰ ৪,৪৫৪ কোটি টকাৰ প্রস্তাৱ পৰি আছে চিডব্লিউচিত

নিয়মীয়া বাৰ্তা, ১৫ জুলাই: বান আৰু গৰাখহনীয়াৰ সমস্যাই প্রতিবছৰে অসমবাসীক জলাকলা খুৱাই আহিছে৷ বছৰি দুটাৰ পৰা চাৰিটা পর্যায়ৰ বানে ৰাজ্যখনৰ বিস্তৰ ক্ষতি কৰি আহিছে যদিও আজিও অসমৰ বান আৰু গৰাখহনীয়া ৰাষ্ট্রীয় সমস্যা ৰূপে পৰিগণিত নহ’ল৷ বিগত সময়ছোৱাত চৰকাৰৰ অৱহেলাসূচক মনোভাবৰ বাবেই অসমৰ জনসাধাৰণে সদায়ে বান আৰু খহনীয়াৰ সৈতে সহাৱস্থান কৰিবলগীয়া হৈছে৷ পৰিৱর্তনৰ শ্লোগানেৰে ২০১৬ চনত ৰাজ্যৰ ক্ষমতাত অধিষ্ঠিত হোৱা মিত্রজোঁটৰ চৰকাৰখনে দায়িত্বভাৰ গ্রহণ কৰিয়েই ব্রহ্মপুত্র খননৰ লগতে নৈখনৰ দুয়োপাৰে এক্সপ্রেছ হাইৱে নির্মাণ কৰি বান–গৰাখহনীয়া সমস্যাৰ স্থায়ী সমাধানৰ চমকপ্রদ ঘোষণা কৰে৷ আনকি ২০১৮ চনৰ ৯ অক্টোবৰত ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকে ব্রহ্মপুত্র আৰু বৰাক নদী খননৰ ঐতিহাসিক সিদ্ধান্ত গ্রহণ কৰে আৰু জলসম্পদ বিভাগক খনন সম্পর্কত পাইলট প্রজেক্ট গ্রহণৰ নির্দেশ দিছে৷ পিছে আজি প্রায় দুটা বছৰে সেই সিদ্ধান্ত কাগজৰ পাততে সীমাবদ্ধ থাকিল৷ জলসম্পদ বিভাগৰ এক সূত্রই জানিবলৈ দিয়া মতে, উক্ত পাইলট প্রজেক্টৰ ‘ফিজিবি নিটি’ অধ্যয়ন পর্যায়তে বিষয়টো থমকি ৰৈছে৷ সেইদৰে নদী খননৰ বাবে ড্রেজাৰ ক্রয় কৰাৰ বিষয়টোও গ্ল’বেল নিবিদা আহ্বানৰ পর্যায়তে আছে৷ আনহাতে, জলসম্পদ বিভাগৰ ৪,৪৭৪.৪২ কিলোমিটাৰ মথাউৰিৰ সিংহভাগেই ১৯৫৪ চনৰ পৰা ১৯৭০ চনৰ ভিতৰত নির্মাণ কৰা৷

১৯৫০ চনৰ বৰভূঁইকঁপৰ পাছত হ্রস্বকালীন ব্যৱস্থা হিচাপে নির্মাণ কৰা সেই মথাউৰিসমূহৰ আয়ুসকালো ইতিমধ্যে উকলি গৈছে৷ ইয়াৰ পৰিপ্রেক্ষিতত সেই মথাউৰিসমূহ সবলীকৰণৰ বাবে ৰাজ্য চৰকাৰে কেন্দ্রীয় জল আয়োগক (চি ডব্লিউ চি) দাখিল কৰা ৪,৪৫৪.০৯ কোটি টকাৰ প্রস্তাৱো এতিয়াও দিল্লীতে পৰি আছে৷ কেন্দ্রীয় জল আয়োগৰ পৰা সেই প্রস্তাৱত কাৰিকৰী–র্থনৈতিক অনুমোদন লাভ নকৰা বাবেই ৰাজ্য চৰকাৰে মথাউৰি সবলীকৰণৰ ব্যৱস্থা ল’ব পৰা নাই৷ ইয়াৰ বাবেই প্রতিবছৰে বানত বিভিন্ন ঠাইত দুর্বল মথাউৰি ছিগি যোৱাৰ ফলত নতুন নতুন অঞ্চল বানৰ কবলত পৰি আহিছে৷ বানপানীৰ সময়ত ৰাজ্যত জলসম্পদ বিভাগৰ ভূমিকাও অতি উদ্বেগজনক৷ বিধানসভাৰ বিভাগীয় সম্পর্কিত স্থায়ী কমিটীৰ প্রতিবেদনতে জলসম্পদ বিভাগটোৰ ফোঁপোলা স্বৰূপ ওলাই পৰিছে৷ বিধায়ক তেৰছ গোৱালাৰ অধ্যক্ষতাত গঠিত উক্ত কমিটীয়ে যোৱা ২৪ মার্চত বিধানসভাত দাখিল কৰা শেহতীয়া প্রতিবেদনত উল্লেখ কৰিছে যে বাৰিষা কালত এপ্রিল মাহৰ পৰা ছেপ্ঢেম্বৰ মাহলৈ মথাউৰিৰ মেৰামতিৰ কাম–কাজ তদাৰকীৰ বাবে অস্থায়ী শ্রমিক নিয়োগ কৰিবলৈ পৰামর্শ দিছিল৷ কিন্তু বিভাগে সেয়া কার্যকৰী কৰা নাই৷

সেইদৰে বিভিন্ন আঁচনিৰ ক্ষেত্রত বিভাগটোৱে নিবিদা আহ্বান কৰা, ৱর্ক অর্ডাৰ দিয়া আৰু কাৰিকৰী কাম কৰাৰ সময়ক লৈ কমিটীয়ে অৱশ্যে অসন্তুষ্টি ব্যক্ত কৰি প্রতিবছৰে নিবিদা আহ্বান, ৱর্ক অর্ডাৰ দিয়া আৰু কাৰিকৰী কাম সকলো বিষয় ছেপ্ঢেম্বৰ মাহৰ ভিতৰত সম্পূর্ণ কৰাৰ নির্দেশ দিয়ে৷ একেদৰে খহনীয়া ৰোধৰ ক্ষেত্রত বিভাগে বিভিন্ন স্থানত ব্যৱহাৰ কৰা জি’ বেগ মানসম্পন্ন নহয় বুলিও মত ব্যক্ত কৰি গুণসম্পন্ন জি’ বেগ ব্যৱহাৰৰ পৰামর্শ দি বিভাগক এই দিশত সঠিকভাৱে পর্যবেক্ষণ কৰিবলৈ দিয়ে৷ মুঠতে জলসম্পদ বিভাগৰ দায়িত্বজ্ঞানহীনতা, সময়মতে কাম নকৰাৰ বাবেই অসমৰ বান পৰিস্থিতি দিনকদিনে অধিক ভয়াৱহ হৈ পৰিছে৷

You might also like