মৰিগাঁৱত অবৈধ কাঠফলা মিল উৎখাত
নিয়মীয়া বাৰ্তা ২০ ফেব্ৰুৱাৰীঃ মৰিগাঁও জিলাৰ গ্রামাঞ্চলত কাঠফুলাৰ দৰে গঢ়ি উঠা অবৈধ কাঠফলা কলসমূহৰ বিৰুদ্ধে আজি বনাঞ্চলিক বিষয়াৰ এটি দলে অভিযান চলায়৷ অভিযানকাৰী দলটোৱে দুটি অবৈধ কাঠফলা কল জব্দ কৰে৷ জিলাখনৰ লাহৰীঘাট, মৈৰাবাৰী, ভূৰাগাঁও, মায়ং, ঝাৰগাঁও, বঘৰা, এজাৰবাৰী, ধৰমতুল, চৰাইবাহী, জৰাবাৰী, বাৰপূজীয়া আদিকে ধৰি বিভিন্ন অঞ্চলত বনজ সম্পদ ধ্বংস কৰি গঢ়ি উঠা অবৈধ কাঠফলা কলসমূহৰ বিৰুদ্ধে সময়ে সময়ে জিলা বনাঞ্চলিক বিষয়াৰ লগতে বনকর্মীসকলে অভিযান চলাই আহিছে৷ আজি পুনৰ এই সমূহ অবৈধ কলৰ বিৰুদ্ধে অভিযান চলাই ঝাৰগাঁও হাছিনা বজাৰৰ ছাইফুল হুছেইন আৰু চৰাইবাহী ভোমোৰাগুৰিৰ প্রভাত বৰদলৈৰ কাঠফলা কলৰ মেচিন আৰু সা–সামগ্রী জব্দ কৰে৷ আনহাতে বঙাইগাঁও জিলাৰ যোগীঘোপা থানাৰ অন্তর্গত বালাপাৰাত বুধবাৰে পুৱা বন বিভাগৰ এটি বৃহৎ দলে অবৈধভাৱে মাটি খনন কৰাৰ বিৰুদ্ধে অভিযান চলায়৷বন বিভাগৰ এই অভিযানত তিনিখন ডাম্পাৰ আৰু তিনিখন ড্রেক্টৰ জব্দ কৰে৷ যোগীঘোপা অঞ্চলত একাংশ ভূ–মাফিয়াই ব্রহ্মপুত্রৰ পাৰত অবাধে খনন কৰাৰ বিৰুদ্ধে বঙাইগাঁও জিলাৰ আই উপত্যকা সংমণ্ডলৰ বনকর্মী, বন সুৰক্ষা কর্মীৰ এটি দলে বুধবাৰে পুৱা বালাপাৰত অভিযান চলায়৷ বন বিভাগৰ উক্ত অভিযানত অবৈধভাবে মাটি খনন কৰা এ এছ ০১ ডি চি ৩২০৫, এ এছ ১৯ চি ২৯৪৩, এছ ১৯ চি ৪০৪৫ নম্বৰৰ তিনিখন ডাম্পাৰ আৰু এ এছ ১৯ এ ছি ১১৪০ নম্বৰৰ ড্রেক্টৰৰ লগতে দুখন নম্বৰপ্লেটবিহীন ড্রেক্টৰ জব্দ কৰে বুলি জনা গৈছে৷বন বিভাগে জব্দ কৰা ডাম্পাৰ আৰু ড্রেক্টৰ ৬খন বঙাইগাঁও আই উপত্যকা সংমণ্ডলৰ কার্যালয়লৈ নিয়ে৷