নিয়মীয়া বার্তা, ২ মার্চঃ শিক্ষামন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ নেতৃত্বত ৰাজ্যৰ শিক্ষা বিভাগে বিভাগটোক গতিশীল কৰি তোলাৰ বাবে বিভিন্ন পদক্ষেপ হাতত লোৱাৰ অংশস্বৰূপে মৰিগাঁও জিলা বিভাগে অৱসৰগ্রহণ কৰা শিক্ষকসকলে যাতে কম সময়ৰ ভিতৰতে তেওঁলোকৰ অৱসৰকালীন বিভিন্ন শিতানৰ ধনৰাশি লাভ কৰিব পাৰে, তাৰ বাবে প্রচেষ্টা হাতত লৈছে ৷ জীৱনৰ দীর্ঘকাল শিক্ষকতাৰ দৰে মহান বৃত্তিত জড়িত হৈ থকা শিক্ষকসকলে যাতে ৰঙাফিটাৰ মেৰপেঁচৰ সন্মুখীন নহয়, তাৰ বাবে মৰিগাঁও জিলা শিক্ষা বিষয়া কমল গগৈয়ে শেহতীয়াকৈ পদক্ষেপ গ্রহণ কৰিছে ৷ তাৰেই অংশস্বৰূপে মৰিগাঁও জিলাৰ শিলপুখুৰী এম ই মাদ্রাছাৰ বিজ্ঞান শিক্ষক চুবত আলীয়ে শনিবাৰে অৱসৰ গ্রহণ কৰাৰ দিনাই বিদ্যালয়তে লাভ কৰিবলৈ সক্ষম হয় আর্জিত ছুটী আৰু গোট বীমাৰ সমুদায় ধন ৷ জিলা প্রাথমিক শিক্ষা বিষয়া কমল গগৈৰ উদ্যোগত তথা জ্যেষ্ঠ সহায়ক দীপক বৰদলৈৰ প্রচেষ্টাত ৰঙাফিটাৰ মেৰপেঁচ নোহোৱাকৈ অৱসৰী শিক্ষকজনে আর্জিত ছুটীৰ বাবদ ৪,৯৮,১৯৮ টকা আৰু গোট বীমাৰ বাবদ ৪৮,৪৫২ টকা লাভ কৰিবলৈ সক্ষম হয় ৷ অৱসৰৰ দিনাই এইদৰে নিজৰ কষ্টোপার্জিত ধনৰাশি লাভ কৰি উৎফুল্লিত হৈ পৰা শিক্ষকগৰাকীয়ে কয়– জীৱনৰ দীর্ঘকাল শিক্ষাদানৰ দৰে পৱিত্র বৃত্তিত জড়িত হৈ থকাৰ অন্তত অৱসৰৰ দিনা মৰিগাঁও শিক্ষা বিভাগৰ পৰা এনে উপহাৰ লাভ কৰি নথৈ সুখী অনুভৱ কৰিছোঁ ৷