নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰিয়াই, হানি–খুঁচি ৰাইজে হত্যা কৰিলে জে’ল ফেৰৎ দুই ভাতৃক

নিয়মীয়া বাৰ্তা, ২৩ এপ্ৰিলঃ লকডাউনৰ মাজত আজি পুৱা বাগ্সা জিলাৰ আঠীয়াবাৰীত সংঘটিত হোৱা হত্যাকাণ্ডই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ জে’লৰ পৰা সদ্যমুক্তিপ্রাপ্ত দুই ভাতৃক গাঁৱৰ ৰাইজে নিজৰ ঘৰৰ চোতালতে দা–লাঠী আৰু আন চোকা অস্ত্রৰে আক্রমণ কৰি হত্যা কৰাৰ পাছত তেওঁলোকৰ বাসগৃহ জ্বলাই দিয়ে৷ নিহত দুই ভাতৃ বিশ্বজিৎ দাস আৰু হাৰাধন দাস (হেবা) বিভিন্ন অসামাজিক কামত লিপ্ত থকা বুলি অভিযোগ উঠিছে৷ ৰাইজৰ অভিযোগ মতে, বিশ্বজিৎ আৰু হাৰাধনে দীর্ঘদিনৰ পৰা বিনা কাৰণত গাঁৱৰ মানুহৰ ওপৰত আতিশয্য চলাই আহিছিল৷ উদণ্ড প্রকৃতিৰ যুৱক দুজনৰ কর্মকাণ্ডত অতিষ্ঠ হৈ পৰিছিল বাগ্সা–বৰপেটা জিলাৰ সীমামূৰীয়া গাঁওখনৰ ৰাইজ৷ গাঁওখনত একপ্রকাৰ সন্ত্রাস সৃষ্টি কৰা দুই ভাতৃয়ে কিছুদিন পূর্বে গাঁওখনৰ কেইজনমান লোকক অকাৰণত প্রহাৰ কৰিছিল৷ ইয়াকে লৈ জাঙুৰ খাই উঠা স্থানীয় ৰাইজে শিমলাগুৰি আৰক্ষী চকী ঘেৰাও কৰাৰ লগতে গ্রেপ্তাৰৰ দাবী তুলি স্থানীয় বিধায়ক ৰঞ্জিত কুমাৰ দাসকো দাবী জনায়৷ পৰৱর্তী সময়ত আৰক্ষীয়ে দুয়োকে গ্রেপ্তাৰ কৰি জে’ল–হাজোতলৈ প্রেৰণ কৰে৷ কিন্তু মহামাৰী ক’ৰোনা ভাইৰাছৰ সংক্রমণৰ পৰিপ্রেক্ষিতত দুয়োজনক সাময়িকভাৱে জে’লৰ পৰা মুক্তি দিয়া হয় আৰু কেইদিনমান পূর্বে তেওঁলোক গাঁৱৰ ঘৰলৈ ঘূৰি আহে৷ কিন্তু জে’ল ফেৰৎ দুই ভাতৃয়ে পুনৰ গাঁওবাসীৰ মাজত সন্ত্রাসৰ সৃষ্টি কৰা বুলি অভিযোগ উঠিছে৷ সম্ভৱতঃ ইয়াৰ বাবেই আজি পুৱা একাংশ লোকে দুয়োকে ঘৰৰ চোতালত লাঠীৰে মৰিয়াই, দা–ডেগাৰেৰে হানি–খুঁচি হত্যা কৰে৷ পাছত তেওঁলোকৰ ঘৰতো অগ্ণিসংযোগ কৰে৷ ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ দুয়োটা মৃতদেহ উদ্ধাৰ কৰাৰ লগতে অগ্ণিনির্বাপক বাহিনীয়ে দুই নির্বাপণ কৰে৷ বাতৰি লিখা পর্যন্ত আৰক্ষীয়ে ঘটনা সন্দর্ভত কোনো লোকক গ্রেপ্তাৰ কৰা নাই৷ ঘটনা সন্দর্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে৷ ইপিনে, চাঞ্চল্যকৰ এই ঘটনাৰ পাছত সমগ্র অঞ্চলটোত নিমাও পৰিৱেশ বিৰাজ কৰিছে৷ উল্লেখ্য যে একাধিক অপৰাধত অভিযুক্ত হৈ থকা হাৰাধন তথা পৰিয়ালৰ কিছু লোকে তেওঁলোকৰ ঘৰত এটা হত্যাকাণ্ডৰ বাতৰি সংগ্রহ কৰিবলৈ যোৱা সাংবাদিকক আক্রমণ কৰি কেমেৰা আদি ভাঙি পেলোৱা কার্যতো লিপ্ত আছিল৷

You might also like